অসম

প্ৰতিমূৰ্তিত আপত্তিজনক পোছাক পিন্ধাই আটছাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকক অপমানৰ প্ৰতিবাদ

প্ৰথম খবৰ, ঢেকীয়াজুলি: ডিব্ৰুগড়ত যোৱা ২১ আগষ্টৰ মাজনিশা অচিনাক্ত দুষ্কৃতিকাৰীয়ে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ   প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সন্তোষ কুমাৰ তপ্নৰ প্ৰতিমূৰ্তিত আপত্তিজনক পোছাক পিন্ধাই চাহ জনগোষ্ঠীৰ নেতাগৰাকীক অপমান কৰা ঘটনাৰ প্ৰতিক্ৰিয়া শোণিতপুৰ জিলালৈও বিয়পিছে ।

ৰাজ্যখনৰ চাহ জনজাতি ৰাইজৰ আৱেগ -অনুভূতিকে চৰম আঘাত হনা এই নিন্দনীয় কাৰ্যৰ প্ৰতিবাদকল্পে আৰু এই কাণ্ডত জড়িত দুষ্কৃতিকাৰীক বিচাৰি উলিয়াই দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত আজি জিলাখনৰ ঢেকীয়াজুলি চহৰত ১৫ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰে আটছাই। আটছাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মোহন তাঁতীৰ নেতৃত্বত ছাত্ৰ সংগঠনটোৰ শোণিতপুৰ জিলা সমিতিয়ে আজি দিনৰ ১২ বজাৰ পৰা ঢেকীয়াজুলি চহৰৰ পশ্চিম মূৰত থকা গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বঙলাৰ সমুখত এই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে।

পথ অৱৰোধকাৰী শতাধিক আটছা কৰ্মীয়ে দুষ্কৃতিকাৰী হুঁচিয়াৰ, প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সন্তোষ কুমাৰ তপ্ন জিন্দাবাদ, আটছা জিন্দাবাদ, দুষ্কৃতিকাৰীক ফাঁচী দিয়ক আদি বিভিন্ন শ্লোগানৰ ধ্বনি দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। প্ৰায় আধাঘণ্টা ধৰি আটছা কৰ্মীসকলে এনেদৰে ৰাষ্ট্ৰীয় পথটো অৱৰোধ কৰি ৰখাৰ পিছত স্থানীয় ৰাজহ চক্ৰ বিষয়া সব্যসাচী কাশ্যপ অৱৰোধস্থলীত উপস্থিত হোৱাত তেওঁৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আটছাৰ শোণিতপুৰ জিলা সমিতিয়ে দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি পথ অৱৰোধ প্ৰত্যাহাৰ কৰে।

Related Articles

Leave a Reply

Close