অসমশীৰ্ষ

প্ৰসংগ দীনদয়াল উপাধ্যায়ঃ গোলাঘাটত শিক্ষামন্ত্রীৰ প্ৰতিকৃতি দাহ

প্ৰথম খবৰ, মুৰফুলনি: অসম চৰকাৰৰ শিক্ষাবিভাগে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ নামত ২২ খন শিক্ষানুষ্ঠানৰ স্থাপনক লৈ ৰাজ্যজুৰি বিতৰ্ক, সমালোচনা, প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ সমান্তৰালভাৱে আজি গোলাঘাট চহৰৰ মাজমজিয়াত নিখিল ভাৰত ছাত্র ফেডাৰেচনে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে।

সংগঠনটোৰ জিলা সভাপতি যদু বৰাই এক প্ৰেছ বিবৃতিযোগে জনায় যে জনগণৰ মতক উপেক্ষা কৰি মই টকা দিছো,কলেজ মোৰ মতে হ’ব বুলি দম্ভালি মাৰি সাম্প্ৰতিক সময়ৰ বিশিষ্ট শিক্ষাবিদ, বুদ্ধিজীৱি ড০ হীৰেণ গোহাঁইক অপমান কৰা কাৰ্যক সহজভাৱে ল’ব পৰা নাই। আনহাতে যিসমূহ মহাবিদ্যালয় নতুনকৈ স্থাপন কৰা হ’ব সেইসমূহৰ নামাকৰণ ইন্দিৰা মিৰি, বাণীকান্ত কাকতি, বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে বৰেণ্য ব্যক্তিসকলৰ নামত হোৱাৰ দাবী জনাই সভাপতি, উপ-সভাপতি অভিলাস নেওগৰ নেতৃত্বত ছাত্র কৰ্মী সকলে শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদস্থলীতে সংগঠনটোৰ ৰাজ্যিক উপ-সভাপতি বিতোপন গগৈয়ে ক্ষোভ উজাৰি কয় যে চৰকাৰৰ টকাবোৰ শিক্ষামন্ত্রীৰ পকেটৰ নহয়, জনসাধাৰণৰহে। গতিকে শিক্ষানুষ্ঠান সমূহ ৰাইজৰ মতে হ’ব। লগতে কয়, দেশৰ স্বাধীনতা আন্দোলনত ভাগ নলৈ ব্ৰিটিছৰ পক্ষ লোৱা, জনগণৰ প্ৰতি অৱদান নথকা, কিছু সংখ্যক মৌলবাদীৰ বাবে কাম কৰি যোৱা উপাধ্যায়ৰ নামত কোনো কাৰণতেই শিক্ষানুষ্ঠান গঢ় লৈ উঠিবলৈ দিয়া নহ’ব।

অন্যহাতেদি, ড০ গোহাঁইক সমালোচনা কৰাৰ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গোহাঁইৰ কেঁঞা আঙুলিটোৰ সমান নোহোৱা মন্ত্রীগৰাকীক শিক্ষাখণ্ডক গেৰুৱাকৰণ কৰিবলৈ দিয়া নহ’ব বুলি কঠোৰভাৱে সকীয়াই দিছে।

Related Articles

Leave a Reply

Close