অসম

বাঘবৰত বিধায়ক শ্বেৰমান আলীৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে প্ৰতিবাদ

প্ৰথম খবৰ, কলগাছিয়া: বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ গুণ্ডাগিৰি আৰু দুৰ্নীতিৰ প্ৰতিবাদত আজি বাঘবৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত মন্দিয়া উন্নয়ন খণ্ডৰ কেইবাখন পঞ্চায়তৰ কেইবা শতাধিকলোকে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সমষ্টিটোৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্ভুক্ত মন্দিয়া, সত্ৰকনৰা, কদমতলা, ধৰ্মপুৰ ভাইতনাপেইতি, বাঘমাৰা, সোনাববাড়ী, বাঘবৰ আদি কৰি ১৯খন গাঁও পঞ্চায়তৰ এম জি এনৰেগা আৰু বিধায়ক উন্নয়ন পুঁজিৰ কাম-কাজ সমূহ বিধায়কে তেওঁৰ সাংগোপাংগৰ হতুৱাই কাম নকৰাকৈয়ে দুৰ্নীতিৰ আশ্ৰয় লৈ সমুদায় আঁচনিৰ ধন হৰলুকি কৰাৰ অভিসন্ধি ৰচি থকাৰ সময়তে ৩০ জুলাইত কাম সম্পূৰ্ণ নকৰা ভুৱা বিলত চহী কৰিবলৈ বিধায়ক শ্বেৰমান আলীয়ে তেওঁৰ পি এ মুস্তাফিজুৰ ৰহমানৰ ফোনেৰে মাতি নি ভুৱা বিলত চহী নকৰাৰ বাবে ৭০ নং ধৰ্মপুৰ ভাতনাপাইতি পঞ্চায়তৰ গ্ৰাম ৰোজগাৰ সহায়ক মহিদুল ইছলামক মাৰ-ধৰ কৰি গুৰুতৰভাবে আহত কৰিছিল।

সিদিনাই মন্দিয়া আৰক্ষী চকীত গোচৰ ৰুজু কৰাৰ পিছত আজিলৈকে দোষীক কৰায়ত্ত নকৰাটো আৰক্ষীৰ ব্যৰ্থতালৈ প্ৰশ্ন উত্থাপন কৰে ক্ষুব্ধ ৰাইজে। আজি  উত্তেজিত ৰাইজে বাঘৰৰ বিধায়কৰ তৎপৰতাত চলা দুৰ্নীতিৰ প্ৰতিবাদ জনাই  মন্দিয়াৰ পৰা বাঘবৰ ৰজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ খোজ কাঢ়ি বাঘবৰৰ বিধায়কৰ গুণ্ডাগীৰি বন্ধ কৰক, শ্বেৰমান আলী গো বেক, শ্বেৰমান আলীক শাস্তি দিয়ক, বিধায়কৰ দূৰ্নীতি বন্ধ কৰক আদি শ্লোগানেৰে প্ৰতিবাদ কৰি বিভাগীয় কতৃপক্ষক তদন্তৰ জৰিয়তে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাই বাঘবৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্ত লৈ স্মাৰক পত্ৰ প্ৰদান কৰে। পৰৱৰ্তী সময়ত বিধায়কগৰাকীৰ দুৰ্নীতিৰ বিৰুদ্ধে সমষ্টিব্যাপী তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি ক্ষুব্ধ ৰাইজে হুংকাৰ দিছে।

Related Articles

Leave a Reply

Close