অসম

বাসুগাঁৱত গুৰুকুল নেচনেল স্কুলৰ শ্ৰেণীকোঠা উদ্বোধন

প্ৰথম খবৰ, কাজলগাঁও: উচ্চ মানদণ্ডৰ ব্যক্তিগত খণ্ডৰ গুৰুকুল নেচনেল স্কুলৰ প্ৰাথমিক খণ্ডৰ নতুন শ্ৰেণীকোঠা আজি উদ্বোধন কৰা হয়। চিৰাং জিলাৰ বাসুগাঁও চহৰৰ ৩ নং ৱাৰ্ডত আতক ধুনীয়াকৈ নিৰ্মাণ কৰা পোন্ধৰটাকৈ শ্ৰেণী কোঠা উদ্বোধন কৰে গুৱাহাটী গুৰুকুল গ্ৰামাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধক্ষ্য ডঃ বসন্ত কুমাৰ ভূঞায়ে। তেওঁ উদ্বোধন কৰি দিয়া ভাষণত কয় যে শিক্ষানুষ্ঠানৰ ভেটিটো মজবুত হ’ব লাগিব। এডাল গছৰ গুৰি শিপা মজবুট হ’লে ডাল পাত নাথাকিলেও গছডাল মৰি নাযায় এসময়ত ঠন ধৰি উঠিবই। এনেকৈ বিদ্যালয়খন সুপৰিচালনাত এদিন ফলে ফুলে জাতিস্কাৰ হৈ উঠিব যে খাটাং বুলি ভাষণত উল্লেখ কৰে। যোৱা বৰ্ষতে স্থাপিত হোৱা বিদ্যালয়খনৰ শিক্ষক সকলকো ভালকৈ পাঠদান দিয়াৰ ওপৰতো বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় ।

Related Articles

Leave a Reply

Close