অসম

বিহপুৰীয়াত জোঁৰ সমদল 

প্ৰথম খবৰ, নিউজ ব্যুৰ’: প্ৰাক্তন আলফা ঐক্যমঞ্চৰ লখিমপুৰ জিলা সমিতিৰ বহিৰাগতৰ দাদাগিৰী নচলিব, থলুৱা  খিলঞ্জীয়াৰ ওপৰত চলোৱা গুণ্ডামী সহ্য কৰা নহ’ব, প্ৰাক্তন আলফাৰ সদস্যক বিনাচৰ্তে মুক্তি দিয়ক আদি শ্ল’গান আৰু জোঁৰ সমদলেৰে প্ৰাক্তন আলফা ঐক্যমঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে বিহপুৰীয়া নগৰত৷ ঐক্যমঞ্চৰ প্ৰায় শতাধিক সদস্যই অংশ গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত বহিৰাগত বেংগলী বনিয়াই অসমীয়া যুৱকৰ ওপৰত চলোৱা শাৰিৰীক মানসিক অত্যাচাৰ চলোৱাৰ বিষয়তো কঠোৰ ভাষাৰে গৰিহনা দিয়াৰ  লগতে  আৰক্ষীয়ে আটক কৰা মুন বৰা বিনা চৰ্তে মুক্তি দিয়া আৰু মুন বৰাৰ ওপৰত চলোৱা আক্ৰমণকাৰীক ৪৮ ঘন্টাৰ ভিতৰত আটক কৰা দাবী উত্থাপন কৰে৷

ইপিনে কালি নগাঁও চহৰত ঐক্যমঞ্চৰ কেইজনমান সদস্যই বান সাহাৰ্য সংগ্ৰহ কৰিবলৈ যাওতে পৰিকল্পিতভাবে ঐক্য মঞ্চৰ সদস্য কেইগৰাকীক শাৰিৰীক ভাবে অত্যাচাৰ কৰিছিল  বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা ঐক্যমঞ্চৰ  সদস্য সকলে এই ঘটনাৰ এক নিৰপেক্ষ তদন্ত নহলে শীঘ্ৰে এক গণতান্ত্ৰীক আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰিব বুলি হুংকাৰ দিছে ৷

কাৰ্যসূচীত ঐক্যমঞ্চৰ লখিমপুৰ জিলা সমিতিৰ মিথুন পেগু,  হিৰণ্য বৰা, হেম হাজৰিকা, বিজয় গগৈ, ইনামুল হাজৰিকা, মাধৱ দাস, নাৰায়ণ দাসে অংশ গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচী তথা জোঁৰ সমদল বিহপুৰীয়া নগৰখনৰ পৰিভ্ৰমণ কৰে  ৷

Related Articles

Leave a Reply

Close