অসম

বিহালীত অৰ্ধ উলংগ হৈ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন, হাতে-হাতে কাঁহি-বাতিলৈ প্ৰতিবাদ শ্ৰমিকৰ

প্ৰথম খবৰ, বৰগাং: আজি দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱস৷ দেশৰ সৰ্বত্ৰে স্বাধীনতা দিৱসৰ ৰঙৰ ঢৌ।
তাৰ মাজতে, বিশ্বনাথ জিলাৰ ৭৭ নং বিহালী বিধান সভা সমষ্টিত একাংশ খাটি খোৱা জনতাই আজিৰ দেশৰ স্বাধীনতা দিৱসটো প্ৰতিবাদী কাৰ্যসূচীৰে পালন কৰে। জানিব পৰা মতে , বিহালী সমষ্টিৰ বৰগাংস্থিত বৰগাঁও চাহ বাগিছাত চাহ-শ্ৰমিকসকল আজি পুৱাই অৰ্ধ উলংগ হৈ স্বাধীনতা দিৱস পালন কৰি জাতীয় পতাকাখন উত্তোনল কৰে৷ লগতে চাহ শ্ৰমিকসকলে হাতে-হাতে কাঁহি-বাতিলৈ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে৷ ইমানেই নহয় শ্ৰমিকসকলে এই স্বাধীনতা দিৱসৰ দিনাই জাতীয় পতাকাখনৰ তলত সমবেতহৈ
“আমাক কাপোৰ দিয়ক
“আমাক পেটৰ ভাত দিয়ক
“আমাক জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰক
আদি শ্ল’গানৰে আকাশ- বতাহ কঁপাই তুলি চাহ শ্ৰমিকসকলৰ অভাৱ-অভিযোগ, সা-সমস্যা সমাধানৰ বাবে এনেদৰে স্বাধীনতা দিৱস পালন কৰা বুলি প্ৰকাশ।

উল্লেখ্য যে, এই বৰগাঁও চাহ
বাগিছাখন যোৱা ২০ জুলাই তাৰিখৰ পৰা বাগিছাৰ মালিক ৰাজীৱ প্ৰিন্সাই বাগিছাৰ শ্ৰমিকৰ জীৱনৰ লগত মৃত্যুৰ খেল খেলি অগণতান্ত্ৰিকভাৱে বাগিছাখন তলাবন্ধ কৰি ৰাখিছে৷ অদ্যাপি বিয়াগোম ৰাজ্য চৰকাৰ তথা বিশ্বনাথ জিলা উপায়ুক্তই বাগিছাৰ মালিকপক্ষক বাধ্য কৰি বাগিছাৰ তলা মুকলি কৰিব পৰা নাই৷ যাৰ বাবে উপায়ন্তৰহৈ আজি দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱসৰ দিনাই হাতে-হাতে কাঁহি বাতিলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

Related Articles

Leave a Reply

Close