অসম

বিহালীত আজিৰে পৰা আৰম্ভ প্ৰীতি ফুটবল খেল

প্ৰথম খবৰ, বিহালী: আজি বিয়লি ৪.৩০ বজাৰ পৰা বিহালী ক্ৰীয়া সন্থাৰ উদ্যোগত বিহালী আৰক্ষী চকীৰ পিছফালস্থিত খেলপথাৰত এখনি তীব্ৰ উত্তেজনাপূৰ্ণ বন্ধুত্বমুলক খেল অনুষ্ঠিত হয়। এই খেলত বিহালী ক্ৰীয়া সন্থাই ৰাংচালী একাদশৰ বিৰুদ্ধে ১-১ গ’লৰ ব্যৱধানত ড্ৰ’ খেলে।

আজিৰ খেলখন পৰিচালনা কৰে অৰুন কুমাৰ চাহাই, লাইনচত সহায় কৰে বসন্ত বৰা, টিকেন্দ্ৰ দাস, পংকজ দাসে।

উল্লেখযোগ্য যে, যিসময়ত অসমত ফুটবলৰ প্ৰতিযোগিতাসমূহ বন্ধ হৈ আহিছে ঠিক সেইসময়তেই বিহালী ক্ৰীয়া সন্থাই বিভিন্ন সময়ত বন্ধুত্বমুলক খেল পতাৰ উপৰিও চলন্ত ট্ৰফিৰ খেল ও আয়োজন কৰি ক্ৰীয়াৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অহাকালি ঠিক ৪.০০ বজাৰ লগে লগে বিহালীৰ অন্যতম শক্তিশালী দল বিহালী চাহ বাগিচাৰ বিৰুদ্ধে বিহালী ক্ৰীয়া সন্থাই প্ৰতিদন্বিতা আগবঢ়াব বুলি উদ্যোক্তাসকলৰ হৈ বাবলু বৈশ্যই জানিব দিয়ে। তদুপলক্ষে সমুহ ক্ৰীয়াপ্ৰেমী ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰিছে।

Related Articles

Leave a Reply

Close