অসম
বিহালীৰ বেদেতি চাহ বাগিছাত অঘটন, বিদ্যুৎস্পৃষ্ট হৈ শিশুৰ কৰুণ মৃত্যু

প্ৰথম খবৰ, বৰগাং: আজি বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বেদেতি চাহ বাগিছাত এক অঘটন সংঘটিত হৈ এটা শিশু মৃত্যু হয়৷ জানিব পৰামতে, বেদেতি চাহ বাগিছাৰ ১ নম্বৰ লাইনত বিয়লি প্ৰায় ৫ মান বজাত কেশৱ লোহাৰ নামৰ ৭ বছৰীয়া কনমানি এটাই নিজা বাসগৃহৰ সন্মুখৰ অৰ্জুন লোহাৰ নামৰ ব্যক্তি এজনৰ চোতালত সমনীয়া বন্ধুৰ লগত উমলি থাকোতেই হঠাৎ বিদ্যুৎস্পৃষ্ট হৈ অতি কৰুণভাৱে মৃত্যু মুখত পৰে৷
পুৱা চাহ বাগিছাত কাম কৰিবলৈ গৈ কাম বন সম্পন্ন কৰি ঘৰলৈ উভটি অাহি ৭ বছৰীয়া মাজু পুত্ৰক মৃত অৱস্থাত দেখি পিতৃ-মাতৃয়ে সংজ্ঞাহীন হৈ পৰে৷ প্ৰতক্ষ্যদৰ্শীৰ ভাষ্য মতে, কনমানিটো বাগিছাৰ শ্ৰমিকৰ আৱাস গৃহত সংযুক্ত বিদ্যুতৰ আৰ্থিণত অকস্মাৎ লাগি থিতাতে মৃত্যু হয়। উল্লেখ্য যে, কনমানিটোৰ পিতৃ যোগেন্দ্ৰ লোহাৰ আৰু মাতৃ টিনা লোহাৰ বুলি জানিব পৰা গৈছে।