অসম

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কবলত ৰহমৰীয়া

প্ৰথম খবৰ, লাহোৱাল: ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ ফেনে-ফুটুকাৰে ভয়ংকৰভাৱে উফন্দি অহাত ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়া মৌজাৰ নৈ-পৰীয়া অঞ্চলৰ কেইবাখনো গাঁৱৰ শ শ ৰাইজ শংকিত হৈ উঠিছে।

আজি আবেলি প্ৰায় ১:৩০ মান বজাত হঠাতে ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে ৰহমৰীয়া মোমাই তামুলী গড়কাপ্তানি পথটোৰ আধা অংশ বুৰাই পেলাই। তদুপৰি বগৰীতলীয়া , ৰহমৰীয়া লাইন, ভাকুমৰা, ৰহমৰীয়াকে ধৰি কেইবাখনো গাঁৱৰ খেতি-পথাৰ বাঢ়নী পানীৰ কবলত পৰিছে। ইফালে ৰহমৰীয়া পুৰণি থানাৰ সমীপৰ কেইবাটাও গৃহত বাঢ়নী পানীয়ে সাগৰ সদৃশ পৰিৱেশ সৃষ্টি কৰি তুলিছে।

বাতৰি যুগুত কৰা পৰলৈকে ব্ৰহ্মপুত্ৰ বাঢ়নী পানী প্ৰায় এক ফুট উচ্চতাৰে ৰহমৰীয়া দিশলৈ বাগৰি আহিছে। অনাগত কম সময়ৰ ভিতৰত ৰহমৰীয়া বিস্তৃণ অঞ্চল বাঢ়নী পানীত ডুব যোৱা আশংকা প্ৰকাশ কৰি ইতিমধ্যে বহুতে সা-সম্পত্তি নিৰাপদ স্থানলৈ প্ৰেৰণ কৰিছে।

Related Articles

Leave a Reply

Close