অসম

বৰপেটাৰ ছৈয়দপুৰত অচিনাক্ত শিশুৰ মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, নগৰবেৰা: বৰপেটা জিলা বাঘবৰ সমষ্টিৰ দক্ষিণ প্ৰান্তৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত ছৈয়দপুৰ চৰত এটি অচিনাকী শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰাপ্ত খবৰ মতে, যোৱা মঙ্গলবাৰে নিশা জিলাখনৰ উক্ত আৰক্ষী থানাৰ অন্তৰ্গত ছৈয়দপুৰত চৰত ব্ৰহ্মপুত্ৰ নদীত একাংশ মাছমৰীয়াই মাছমাৰি থাকোতে নদী খনৰ মাজেদি এটি শিশুৰ মৃতদেহ উটি যোৱা প্ৰত্যক্ষ কৰি মৃতদেহটো উদ্ধাৰ কৰি স্থানীয় আলোপতি চৰ আৰক্ষী থানাত খবৰ দিয়ে। নিশাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো থানালৈ আনে। দুই এদিন পূৰ্বে মৃত্যু হোৱাৰ লগতে শিশুটিৰ পাঁচৰ পৰা ছয় বছৰ বয়স হ’ব বুলি অঞ্চলটোৰ একাংশ ৰাইজে অনুমান কৰিছে।

শিশুটিক কোনোবা দুৰ্বৃত্তই হত্যা কৰি পানীত পেলাই দিছে নে পানীত পৰি মৃত্যু হৈছে সেয়া মৰণোত্তৰ পৰীক্ষাৰ পিছত নিশ্চিত হ’ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।

Related Articles

Leave a Reply

Close