অসম

বৰপেটাৰ সুখোৱাৰঝাৰ চৰত শান্তি কমিটি গঠন

প্ৰথম খবৰ, নগৰবেৰা: বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত সুখোৱাৰঝাৰ চৰত বিভিন্ন অসামাজিক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ লগতে সঘনাই সৃষ্টি হোৱা সংঘাতক নিৰ্মূল কৰা আৰু অঞ্চলটোৰ শান্তি-সম্প্ৰতি অটুট ৰখাৰ উদ্দেশ্যে দক্ষিন বৰপেটা জিলা ‘আমছু’ৰ আহ্বানত যোৱা ২৪ আগষ্টত এখন সাধাৰণ সভা অনুষ্ঠিত হয়।

বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, আলোপতি চৰ আৰু কাছুমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াদ্বয়ৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে দক্ষিণ বৰপেটা জিলা ‘আমছু’ৰ সভাপতি আজিজুল হকে। ‘আমছু’ৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জাফৰ আলী আহমেদে সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰা সভা খনত অঞ্চলটোৰ বিভিন্ন অসামাজিক কাৰ্যকলাপ আৰু সঘনাই সৃষ্টি হোৱা সংঘাতক নিশেষ কৰা আৰু অঞ্চলটোৰ ৰাইজৰ মাজত সচেতনতা, ভাতৃত্ববোধ গঢ়িতোলাৰ বাবে জাফৰ আলী আহমেদক সভাপতি, সাইজুদ্দিন ভূঞাক কাৰ্যকৰী সভাপতি, আজিজুল হকক সম্পাদক আৰু শ্বাহিনুৰ ইছলামক সহঃসম্পাদক হিচাপে লৈ মুঠ ৭১জন সদস্যৰে এখন শান্তি কমিটি গঠন কৰা হয়।

Related Articles

Leave a Reply

Close