অসম

বৰহাটত বন বিষয়াৰ বিৰুদ্ধে ধৰ্মঘট

প্ৰথম খবৰ,বৰহাট:চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ বৰহাট আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ সন্মুখত আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন ,বৰহাট উপ শাখা চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত নিৰীহ বন বিভাগৰ বিৰুদ্ধে ২ঘণ্টা ধৰ্মঘট পালন কৰে। উল্লেখযোগ্য যে যোৱা ৪আগষ্টত বৰহাট মিছাজান গাঁৱত এটা নাহৰফুটুকী বাঘে কামিল হেমৰেম,প্ৰেম লাল গড়, ৰাজীৱ গড় ,অৰুণ সিঙক মুখত,হাতত,ভৰিত আক্ৰমণ কৰি আহত কৰিছিল। বৰ্তমান আহত কেইজনক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। আনহাতে চাৰিজন লোকক আক্ৰমণ কৰাত আত্মৰক্ষাৰ বাবে ৰাইজে বাঘটো হত্যা কৰিছিল।

Related Articles

Leave a Reply

Close