নিবন্ধসাহিত্য

বৰ্তমানৰ ৰাজনীতি কিয় বিফল?

(মত ভিন্নমত)

দেৱাশিষ গোহাঁই
ছয়দুৱাৰ মহাবিদ্যালয়
গণ মাধ্যম বিভাগ

আমি সকলোৱে বৰ্তমান অসমৰ ৰাজনৈতিক বাতাবৰণ দেখি শংকিত হৈ পৰিছোঁ৷ ৰাজনীতিৰ নামত কিমান যে লুণ্ঠন, প্রতাৰণা, ভ্রষ্টাচাৰ ৷ “ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা, ৰাইজৰ চৰকাৰ” বুলি কোৱা কথাষাৰ আৰু মানি চলিব নোৱাৰি, কিয়নো বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থাত অথবা চৰকাৰৰ শাসন ব্যৱস্থাত ৰাইজৰ কোনো স্থান নাইকীয়া হৈ পৰিছে ৷
সমগ্র ব্যৱস্থাটো কেন্দ্রীভুত হৈ পৰিছে মুষ্টিমেয় কেইজন মান লোকৰ হাতত৷ ক্রমশঃ আমি সেই মুষ্টিমেয় শ্রেণীটোৰ হাতৰ পুতলা স্বৰূপ হৈ পৰিছোঁ৷ ৰাজনৈতিক অধিকাৰ হিচাপে কেৱল আমি ভোট দানহে কৰি আহিছোঁ বা কেৱল ভোট দানৰহে অধিকাৰ পাইছো৷
       ভোট দান কৰাৰ অধিকাৰ পালেও সেই ভোট দানো বিবেক ভোট নহয় কিয়নো আমি আৱেগৰ দ্বাৰা পৰিচালিত হওঁ আৰু আৱেগৰ বশৱৰ্তী হৈ কোনো বাচ-বিছাৰ নকৰাকৈ ভোট দান কৰোঁ৷  গতিকে আমি আৱেগত কৈ নিজৰ বৌদ্ধিকতাত অধিক গুৰুত্ব দিব লাগে৷
সি যিকি নহওঁক, যদিও ভাৰতবৰ্ষ এখন সফল গণতান্ত্রিক দেশ বুলি কোৱা হয়, তথাপিও কিন্তু আমি আমাৰ গণতান্ত্রিক ব্যৱস্থাক সফল বুলি ক’ব নোৱাৰোঁ কিয়নো যি দেশত জনগণই শোষণ তন্ত্রৰ বলি হ’ব লগা হয় সেই দেশত কেতিয়াও সফল গণতন্ত্র আছে বুলি ক’ব নোৱাৰি৷
আমাৰ ৰাজনৈতিক ব্যৱস্থাটোক প্রকৃততে ৰাজনৈতিক নেতাসকলে নিজৰ স্বাৰ্থৰ বাবেহে কেৱল ব্যৱহাৰ কৰি আহিছে বুলি ক’লেও হয়তো বঢ়াই কোৱা নহ’ব৷ যদি আমি ভাৰতীয় ৰাজনীতিৰ ইতিহাস মেলি চাওঁ তেন্তে ইন্দিৰা গান্ধীৰ শাসনৰ সময়ছোৱাত দেখিম যে তেখেতে কেৱল ব্যক্তিগত স্বাৰ্থৰ বাবে এই বিশাল ৰাজনীতি তথা গণতন্ত্রক এক অস্ত্র হিচাপে ব্যৱহাৰ কৰিছিল ৷
এখন কোটি কোটি জনতাই কিবা এটা পোৱাৰ আশাৰে নিজৰ মাজৰ পৰা এজন নিৰ্ভৰযোগ্য প্রতিনিধি বিছাৰ কৰি উলিয়াই কিন্তু ক্ষমতাত অহাৰ লগে লগে প্রতিজন প্রতিনিধিয়ে জনসাধাৰণৰ বিশ্বাস ফুটুকাৰ ফেনত পৰিণত কৰি পেলায়৷ চৰকাৰ আহে, চৰকাৰ যায়৷
 ক্ষমতাত অহাৰ পূৰ্বে প্রতিখন চৰকাৰে মানুহক(প্রতিশ্রুতি) প্রলোভন দেখুৱায়৷ আৰু আমি তেওঁলোকৰ প্রতিশ্রুতি যে সঁচা নহয় সেই কথা জানিও বাৰে বাৰে বিচলিত হৈ পৰোঁ, কাৰণ আমি আশাবাদী৷ কিবা এটা যে হ’ব সেই আশা লৈয়ে জীয়াই আছোঁ৷
হয়, আমাৰ মাজত বহু ৰাজনৈতিক নেতা আছে বা আমাৰ মাজৰ পৰা বহুনেতাৰ জন্ম হয়৷ তথাপিও কিন্তু আমি কোনো সুফল নাপাওঁ৷
কাৰণ আমাৰ মাজত ৰাজনৈতিক বিজ্ঞানীৰ অভাৱ৷ কেৱল শ শ ৰাজনৈতিক নেতা থাকিলেই নহ’ব। আমাক লাগিব ৰাজনীতি বিজ্ঞানী৷ যিজন নেতাৰ নিজৰ ভাৱিব পৰা বা চিন্তা কৰিব পৰা শক্তিকণ নাই তেওঁ কি সমাজৰ উন্নতিৰ হকে কাম কৰিব৷
গতিকে ৰাজনীতি বিজ্ঞানীৰ সবাতোকৈ বেছি প্রয়োজন আছে আমাৰ মাজত যি সকলো কথা স্বকীয়ভাৱে বিশ্লেষণ কৰিব পাৰে৷
তাৰ সমান্তৰালভাৱে আমাক লাগিব নিজকে আনৰ বাবে উচ্ছৰ্গা কৰি দিব পৰা শক্তি, মানসিকতা তথা স্পৃহা৷ কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে নিজৰ গাঁঠিৰ ধন ভাঙি সমাজৰ উন্নতিৰ বাবে কাম কৰিব লাগে৷
প্রকৃততে আমি কোনো লোভ, মোহ নোহোৱাকৈ কাম কৰি যোৱাৰ এক নিকা মানসিকতা গঢ়ি তুলিব লাগে৷ সৰ্বসাধাৰণেই ৰাজনীতিৰ আঁৰৰ কথাবোৰ জনাৰ চেষ্টা কৰিব লাগে ৷
                            

 

Related Articles

Leave a Reply

Close