অসম

ভাৰতজোৰা ধৰ্মঘটত অচল লখিমপুৰৰ ডাক বিভাগ

প্ৰথম খবৰ, লখিমপুৰঃ ডাক বিভাগত কৰ্মৰত গ্ৰামীন ডাক সেৱকসকলৰ ক্ষেত্ৰত সপ্তম দৰ্মহা আয়োগৰ কমলেশ চন্দ্ৰৰ প্ৰতিবেদন কাৰ্যকৰী কৰা, গ্ৰামীণ ডাক কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰণ কৰা, পেঞ্চনৰ ব্যৱস্থা কৰাকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত সৰ্বভাৰতীয় গ্ৰামীণ ডাক সেৱক সন্থাই আহ্বান জনোৱা ধৰ্মঘট কাৰ্যসূচীৰ আজি তিনিদিন উকলি যোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষ তথা ভাৰত চৰকাৰৰ বিত্ত বিভাগে গ্ৰামীণ ডাক কৰ্মচাৰী সকলৰ দীৰ্ঘদিনীয়া সমস্যাটোৰ প্ৰতি গুৰুত্ব নিদিয়াত ডাক বিভাগটোত একপ্ৰকাৰ অচলাৱস্থাৰ সৃষ্টি হৈছে। জিলাখনৰ এশ শতাংশ গ্ৰামীণ ডাক কৰ্মচাৰীয়ে ধৰ্মঘটত অংশগ্ৰহণ কৰাৰ ফলত বন্ধ হৈ পৰিছে গ্ৰাম্য ডাক ঘৰসমূহ।

ফলস্বৰূপে গ্ৰামাঞ্চলৰ গ্ৰাহক সকলে ধন জমা কৰা বা উলিওৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত চৰম দূৰ্ভোগ ভুগিব লগা হোৱাৰ লগতে স্তব্ধ হৈ পৰিছে ডাক বিভাগৰ কাম-কাজ। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰো বিভন্ন বিভাগৰ কৰ্মচাৰীয়ে সপ্তম দৰ্মহা আয়োগৰ গাঁথনিৰে দৰ্মহা লাভ কৰি আছে যদিও বিত্ত বিভাগৰ হেমাহিৰ বাবেই ডাক বিভাগৰ ২.৬৩ লাখ গ্ৰাম্য ডাক কৰ্মচাৰী প্ৰাপ্যৰ পৰা বঞ্চিত হব লগা হোৱাৰ অভিযোগ তুলিছে গ্ৰাম্য ডাক সেৱক সন্থাই।

উল্লেখ্য যে, স্বাধীনতাৰ ৭১ বছৰে নুন্যতম মাননিৰে সেৱা আগবঢ়াই অহা বঞ্চিত গ্ৰাম্য ডাক কৰ্মচাৰী সকলৰ ক্ষেত্ৰত সপ্তম দৰ্মহা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ বাবে ভাৰত চৰকাৰক ১৫ আগষ্টৰ চৰম সীমা বান্ধি দিছিল সদৌ ভাৰত গ্ৰামীণ ডাক সেৱক সন্থাই গ্ৰামীণ ডাক সেৱক সন্থাৰ সৰ্বভাৰতীয় সম্পাদক কমৰেড এছএছ মহাদেবায়ে প্ৰেৰণ কৰা এক নিৰ্দেশৰ উৰ্দ্ধৃতিৰে লখিমপুৰ শাখাৰ সম্পাদক চিৰঞ্জীৱ বৰগোহাঁয়ে দাবী পূৰণ নোহোৱা পৰ্যন্ত এই ধৰ্মঘট কাৰ্যসূচী অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিছে।

Related Articles

Leave a Reply

Close