অসমশীৰ্ষ

মহুৰামুখত আৰক্ষী দ্বাৰা নিৰ্মাণ কৰিছে বানপীড়িত ৰাইজৰ যাতায়তৰ বাবে দলং

প্ৰথম খবৰ,খুমটাই: আৰক্ষী আৰু থানা এই শব্দ দুটাৰ সৈতে অসমৰ সমাজ জীৱনৰ বাবে সৌ সিদিনা লৈকে পৰিচিত নাছিল। ক’বলৈ গ’লে থানা আৰু আৰক্ষীৰ পৰা অসমীয়া মানুহ বহু যোজনৰ দূৰৈত অৱস্থান কৰিছিল। খাকী পোচাকৰ আঁৰত ব্যক্তিত্ব লুকাই থাকে সেই কথা আজি প্ৰমাণ কৰি দেখুৱালে গোলাঘাট আৰক্ষীয়ে। উল্লেখ যে, গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিৰ দিচৈ পঞ্চায়তৰ অন্তৰ্গত নিকৰি গাওঁৰ দিচৈ পঞ্চায়ত সংযোগী গড়কাপ্তানী পথৰ কেইবা ঠাইতো বানে চিঙাৰ লগতে একমাত্ৰ কাঠৰ দলংখনো বানে উটুৱাই নিয়াৰ ফলত চাৰিখন গাওঁ ৰাইজৰ যাতায়ত একমাত্ৰ পথৰ লগতে দলংখনৰ বাবে যমৰ যাতনা ভুগিব লগাত পৰিছিল । আজি পুৱাই বোকাখাত মহকুমা আৰক্ষী বিষয়া আৰু কমাৰগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতুপন চুতীয়া নেতৃত্বত আৰক্ষী লগতে স্থানীয় ৰাইজৰ সহযোগত এখন বাহৰ দলং নিৰ্মাণৰ কাম আৰম্ভ কৰে। বোকাখাত মহকুমা আৰক্ষী বিষয়া আৰু কমাৰগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে ৰ’দ-বৰষুণকো নেওচি নিজেই বাহ কঢ়িয়াই ৰাইজৰ লগত সহায়-সহযোগিতা আগবঢ়োৱাত স্থানীয় ৰাইজ উৎফুল্লিত হৈ দলং বনোৱা কামত হাতে কামে লাগে। দিনৰ প্ৰায় ১ বজাত গোলাঘাট জিলা আৰক্ষী অধীক্ষক মানবেন্দ্ৰ ৰয় ডাঙৰীয়া বান বিধস্ত নিকৰি অঞ্চলত উপস্থিত হৈ দলং নিৰ্মাণ কাম আৰু নিকৰি অঞ্চলৰ একমাত্ৰ প্ৰাথমিক শিক্ষানুষ্ঠান গৰাখহনীয়া কৱলত পৰা অংশ পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰে। পুনৰ জিলা আৰক্ষী বিষয়া গৰাকীয়ে দলং নিৰ্মাণ স্থানত উপস্থিত হৈ আৰক্ষী সকলৰ লগতে স্থানীয় ৰাইজৰ সৈতে দলং নিৰ্মাণৰ কামত সহায় সহযোগিতা আগবঢ়াই । জিলা আৰক্ষী বিষয়া গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে, আৰক্ষী সহযোগত বানপীড়িত অঞ্চলটোত আৰু দুখন দলং নিৰ্মাণ কৰিব। যি কাম বান বিধস্ত অঞ্চলটোত চৰকাৰে কৰিব লাগিছিল সেই কাম আৰক্ষী বিভাগে কৰাৰ বাবে বানাক্ৰান্ত ৰাইজে আৰক্ষীৰ এই পদক্ষেপক প্ৰশংসা কৰে।

Related Articles

Leave a Reply

Close