অসমশীৰ্ষ

মিচন চাইনাৰ প্ৰচাৰৰ বাবে মংগলদৈত জুবিন গাৰ্গ

প্ৰথম খবৰ,মংগলদৈ/দেওমৰনৈ: দৰং জিলাৰ মংগলদৈ মহাবিদ্যালয়ৰ আছু গোটৰ আমন্ত্রণত আজি আবেলি মংগলদৈ মহাবিদ্যালয়ৰ খেলপথাৰত উপস্থিত হয় মিছন চাইনাৰ প্ৰচাৰত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ সহ পত্নী গৰিমা গাৰ্গ, প্ৰবিত্ৰ ৰাভাৰ লগতে মিছন চাইনাত অভিনয় কৰা অভিনেতা অভিনেত্ৰী সকল । মংগলদৈ মহাবিদ্যালয়ত উপস্থিত হৈ জুবিন গাৰ্গে কয় মই আগৰ পৰাই মংগলদৈক ভাল পাওঁ এতিয়াও পাওঁ সেইবাবে আহিছো মংগলদৈৰ মৰম লবলৈ । জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে ৩ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ‘মিছন চাইনা’ চিনেমা খনৰ প্ৰচাৰত মংগলদৈত আহি প্ৰচাৰ চলাই পত্নী গৰিমা গাৰ্গ, অভিনেতা, অভিনেত্ৰীৰ লগতে জুবিন গাৰ্গে । মংগলদৈ আছু গোটৰ সহযোগত কেইবা সহস্রাধীক ৰাইজৰ উপস্থিতিত মংগলদৈ মহাবিদ্যালয় খেলপথাৰত প্ৰায় ২ ঘণ্টা ধৰি “মিছন চাইনা” চিনেমা খন চাবলৈ সকলোকে আহ্বান জনায় । অহা ৮ চেপ্টেম্বৰত ছবিগৃহলৈ আহিবলগীয়া চিনেমাখন চাবলৈ সকলোকে আহ্বান জনায় ৷

Related Articles

Leave a Reply

Close