অসম

মেৰাপানীৰ নাগালেণ্ড সীমান্তত অত্যাধুনিক দ্ৰোণৰ সহায়েৰে গোলাঘাট আৰক্ষীয়ে চলাইছে অভিযান

প্ৰথম খবৰ, মেৰাপানী: সমাগত স্বাধীনতা দিৱস।  তাকে লৈ এতিয়া তৎপৰ হৈ পৰিছে অসম আৰক্ষী প্ৰশাসন। আলফা (স্বাঃ), এন এচ চি এন, এন ডি এফ বিকে ধৰি কেইবাটাও উগ্ৰপন্থী সংগঠনে কূটাঘাট চলোৱাৰ আশংকতাত এতিয়া ত্ৰস্তমান অসম আৰক্ষী। অৱশ্যে এই ক্ষেত্ৰত উগ্ৰপন্থীৰ কূটাঘাট ৰোধিবলৈ বিশেষ তৎপৰতা অৱলম্বন কৰিছে গোলাঘাট আৰক্ষীয়ে। শনিবাৰে মেৰাপানী সীমান্তত গোলাঘাট আৰক্ষীৰ এটা বৃহৎ দলে অত্যাধুনিক দ্ৰোণৰ সহায়েৰে উগ্ৰপন্থীৰ অৱস্থিতিৰ সম্পৰ্কত অভিযান চলায়।

সীমান্ত অঞ্চলটোৰ বিভিন্ন অঞ্চলৰ লগতে বিশেষকৈ অ’ এন জি চিৰ তৈল ক্ষেত্ৰ সমূহত দ্ৰোণেৰে পুংখানুপুংখ পৰ্যবেক্ষণ চলায়। আৰক্ষীৰ সূত্ৰ অনুসৰি স্বাধীনতা দিৱসত উগ্ৰপন্থী সংগঠনৰ যিকোনো কূটাঘাট ৰোধিবলৈ সষ্টম গোলাঘাট আৰক্ষী। স্বাধীনতা দিৱসৰ দিন চমু চাপি অহাৰ লগে লগে জিলাখনৰ সকলো প্ৰান্তৰ লগতে বিশেষকৈ স্পৰ্শকাতৰ মেৰাপানী সীমান্তত চোকা নজৰ দিছে গোলাঘাট আৰক্ষীয়ে। এইক্ষেত্ৰত গোলাঘাটবাসীক সকলো প্ৰকাৰৰ নিৰাপত্তা দিবলৈ সক্ষম বুলি জানিবৈ দিয়ে গোলাঘাট আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াই।

 

Related Articles

Leave a Reply

Close