অসমশীৰ্ষ

মোজাম্মিল আলিৰ দুই হত্যাকাৰীৰ গেলেকী থানাত আত্মসমৰ্পণ, এজন পলাতক

প্ৰথম খবৰ, কাকজান: কাকজানৰ যুৱকৰ কহৰাত মৃত্যুক কেন্দ্ৰ কৰি কাকজান অঞ্চলত উত্তপ্ত পৰিস্থিতি হৈ থকাৰ সময়তে আজি মোজাম্মিল আলিৰ হত্যাকাৰী মুন্না আলি আৰু চৈয়দ হোছেইনে গেলেকী আৰক্ষী থানাত আত্মসমৰ্পন কৰে। আৰু আনজন হত্যাকাৰী জিন্তু আলি পলাতক অৱস্থাত আছে। বিগত দিন কেইটাত গৰু চুৰৰ লগত জড়িত থকা কাকজান কমাৰখাটোৱাল আৰু আৰান্ধাৰা গাঁৱৰ তিনি ব্যক্তি লগ হৈ কাকজান অঞ্চলৰ বিভিন্ন স্থানত গৰু চুৰৰ কাৰ্য চলাই থকাৰ প্ৰকৃত তথ্য মোজাম্মিল আলিয়ে জনাৰ বাবে মোজাম্মিল আলিক ভুৱা প্ৰলোভন দি কহৰাত নি হত্যা কৰিছিল।
একে অঞ্চলৰ ব্যক্তিৰ মাজত এনে ঘটনাই অঞ্চলতো উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছে। আনহাতে গৰু চুৰ লগতে হত্যাকাৰীৰ কেইটাৰ পৰা এখন AS 01R 5881 নম্বৰৰ এক্সিটিম গাড়ীৰ লাহদৈগড় আৰক্ষীৱে জব্দ কৰে।

Related Articles

Leave a Reply

Close