অসম

মৰিগাওঁ গোছৰাবডীত ৩৫ বছৰীয়া মানসিকভাবে বিকাৰগ্ৰস্ত মহিলা নিৰুদ্দেশ

প্ৰথম খবৰ,বাৰপূজীয়া: মৰিগাওঁ জিলাৰ জালুগুটি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত গোছৰাবডী় গাৱঁৰ মনিমা দেৱী (৩৫) মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলা গৰাকী যোৱা শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে ৷ জানিব পৰা মতে তেওঁ ঘৰৰ পৰা বায়েকৰ ঘৰলৈ বুলি শনিবাৰে পুৱা উলাই গৈছিল ৷ তাৰ পিছৰে পৰা পৰিয়ালৰ লোকে বিচাৰি হাবাথুৰি খাইছে যদিওঁ আজি প্ৰৰ্যন্ত তেওঁৰ কোনো অনুসন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ উল্লেখ্য যে মেখেলা চাদৰ পৰিহিত, উচ্চতা প্ৰায় ৫ ফুট ২ ইঞ্চি, গাৰ বৰণ বগা এই মহিলা গৰাকীৰ যদি কোনো লোকে অনুসন্ধান পাই তেন্তে ৭০৩৫০৮৮২৬৮ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে তেওঁ স্বামী লীলাধৰ নাথে ৷

Related Articles

Leave a Reply

Close