অসম

লখিমপুৰৰ বানাক্ৰান্তৰ মাজত লোহিত গগৈৰ সুৰ বাহিনী (জাগুন), আলোক সন্ধানী স্বেচ্ছাসেৱী সংগঠন, আৰু আৰ কে মচাং মেমৰিয়েল চছাইটিৰ শিৱসাগৰ সাহাৰ্য সামগ্ৰী বিতৰণ

প্ৰথম খবৰ, লালুক: পথাৰ শিল্পী লোহিত গগৈ আৰু তেওঁৰ সংগী সকলক লৈ গঠিত সুৰ বাহিনী (জাগুন), আলোক সন্ধানী স্বেচ্ছাসেৱী সংগঠন, আৰু আৰ কে মচাং মেমৰিয়েল চছাইটি, শিৱসাগৰ (ONGC colony)ৰ উদ্যোগত ৰঙানদী বানে ক্ষতিগ্ৰস্ত কৰা লখিমপুৰ জিলাৰ উজনি খামতি বালি গাঁৱৰ ১৫০ পৰিয়ালক বান সাহাৰ্য সামগ্ৰী বিতৰণ কৰে। আৰ্তজনৰ প্ৰতি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰি পথাৰ শিল্পী লোহিত গগৈ আৰু তাই আহোম যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সভাপতি জয়ন্ত গগৈৰ নেতৃত্বত অহা দলটোৱে ৰঙানদীৰ বানে সৰ্বস্ৰান্ত কৰা পৰিয়াল সকলৰ মাজত ১০ কেজিকৈ চাউল, মিঠাতেল, পৰ্যাপ্ত পৰিমাণৰ কাপোৰ, গাখীৰৰ পেকেট, বিস্কুট, বিশুদ্ধ খোৱাপানী, ORS পেকেট আদি বিতৰণ কৰে । TMPK আৰু তাই আহোম যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিৰ সহযোগত বান সাহাৰ্য সামগ্ৰী বিতৰণ কৰাত গাঁওখনৰ বানাক্ৰান্ত ৰাইজে গভীৰ সন্তোষ প্ৰকাশ কৰিছে। ৰঙানদীৰ  বানে জুৰুলা কৰা ৰাইজক সকাহ দিয়াৰ প্ৰয়াসেৰে বান সাহাৰ্য প্ৰদান কৰা কাৰ্যক সচেতনলোকে ভুয়সী প্ৰশংসা কৰাৰ লগতে সংগঠনকেইটাৰ কৰ্মকৰ্তাক বন্যাৰ্ত ৰাইজৰ লগতে TMPK আৰু টাই আহোম যুৱ পৰিষদে ধন্যবাদ জ্ঞাপন কৰিছে।

Related Articles

Leave a Reply

Close