অসম

লখিমপুৰ ৰে’লৱে ষ্টেচনত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, লখিমপুৰঃ লখিমপুৰ জিলাৰ পানীগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত মিলনপুৰ নিবাসী যুৱ ব্যৱসায়ী হেমন্ত দাসৰ মৃতদেহ আজি পুৱতি নিশা উত্তৰ লখিমপুৰ ৰে’লৱে ষ্টেচনৰ প্লেটফৰ্মত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ লখিমপুৰতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গুৱাহাটী-মুৰ্কংচেলেক ইণ্টাৰচিটি এক্সপ্ৰেছেৰে গুৱাহাটীৰ পৰা ঘৰলৈ অহা যুৱ ব্যৱসায়ীজনৰ মৃতদেহ আজি পুৱা প্ৰথমে ৪.৪৫ বজাত প্লেটফৰ্মৰ এগৰাকী বিহাৰী সম্প্ৰদায়ৰ দোকানীয়ে প্ৰত্যক্ষ কৰি ৰে’ল আৰক্ষীক খবৰ দিয়ে। পিছত ৰে’ল আৰক্ষীয়ে মৃতদেহটোৰ সৈতে উদ্ধাৰ কৰা মোবাইল ফোনটোৰ পৰা কালি নিশা ১২.৩০ বজাত শেষবাৰৰ বাবে ডায়েল কৰা জীয়েকৰ নম্বৰলৈ ফোন কৰি পৰিয়ালৰ লোকক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ লগতে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

উল্লেখ্য যে, প্ৰয়াত নৰেন দাসৰ পুত্ৰ তথা পানীগাঁও চাৰিআলিস্থিত “অঙ্গশ্ৰী জুৱেলাৰ্চ”ৰ স্বত্বাধিকাৰ হেমন্তই ১৭ আগষ্টৰ দিনা প্ৰায় ৬ লাখ টকা লৈ সোন আনিবৰ বাবে গুৱাহাটীলৈ যোৱাৰ পিছত কালি নিশাৰ ৰে’লেৰে লখিমপুৰ ষ্টেচনত উপস্থিত হোৱাৰ পিছত এনেদৰে হঠাৎ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰে পৰিয়ালৰ লোকৰ মাজত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে পানীগাঁও অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। অতি অমায়িক ৪৭ বছৰীয়া যুৱ ব্যৱসায়ীজনে কি পৰিস্থিতিত শোকাৱহভাৱে মৃত্যুক সাৱটি ল’ব লগা হ’ল, তাক লৈয়ো সৃষ্টি হৈছে আন এক ৰহস্যৰ।

ইপিনে দোকানৰ সোণ অনাৰ বাবে গুৱাহাটীলৈ যোৱাৰ সময়ত পাঁচ লক্ষাধিক টকা লৈ যোৱা হেমন্ত দাসৰ পকেটৰ পৰা আৰক্ষীয়ে মাত্ৰ ৬৩৬ টকা, ৰে’লৰ টিকট আৰু মোবাইল ফোন সহ কেৱল পিন্ধা কাপোৰৰ এটা বেগহে উদ্ধাৰ কৰাক লৈয়ো সন্দেহৰ সৃষ্টি হৈছে। লগত নিয়া ৫ লক্ষাধিক টকাৰ ভিতৰত গুৱাহাটীৰ পৰাই তেখেতে জীয়েকৰ একাউণ্টলৈ ৮ হাজাৰ টকা প্ৰেৰণ কৰাৰ বাহিৰে বাকী টকাখিনি কি হ’ল বা সোণ কিনি আনিছিলেনে নাই সেই সম্পৰ্কেও এতিয়ালৈকে কোনো সম্ভেদ লাভ কৰা নাই আৰক্ষীয়ে।

ৰে’লৱে ষ্টেচনটোৰ আৰ.পি.এফ. বাহিনীৰ কাৰ্যালয়টোৰ পৰা কিছু নিলগতে প্লেটফৰ্মৰ এখন আওহতীয়া বেঞ্চৰ তলত মূৰটো সোমাই থকা মৃতদেহৰ শৰীৰত কোনো আঘাতৰ চিন সুষ্পষ্ট নহয় যদিও সঠিক তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি মতপোষণ কৰিছে ৰাইজে। মৃত্যুৰ সময়ত তেখেতে পত্নী, দুই পুত্ৰ আৰু দুই কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ গৈছে। ইতিমধ্যে ৰে’ল আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Close