অসম

লালুকতো আছুৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী

প্ৰথম খবৰ,লালুক:১৯৭৯ চনৰ পৰা সূত্ৰপাত হোৱা অসম আন্দোলন ১৯৮৫ চনৰ ১৪ আগষ্টৰ পুৱতি নিশা ঐতিহাসিক অসম চুক্তিৰে পৰিসমাপ্তি ঘটাৰ বিগত বত্ৰিশটা বছৰ অতিক্ৰম হোৱাৰ পিছতো ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে চুক্তিখনৰ ৰূপায়নৰ ব্যৱস্থা গ্ৰহণ নকৰিলে৷ ইয়াৰ প্ৰতিবাদতে আজি সন্ধ্যা লালুক আঞ্চলিক ছাত্ৰ সন্থাই লালুকৰ মধ্যমস্থানত অৱস্থিত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ সকলো বিষয়-ববিয়াৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ লখিমপুৰ জিলাৰ বিত্ত সম্পাদক দেৱজিত ডেকাবৰুৱা ও লালুকৰ সমাজসেৱক চিতাৰাম চেইনী লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰদিপ শইকীয়া তথা লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া সকলৰ লগতে স্থানীয় ৰাইজৰ সহযোগত বত্ৰিশ গছি বন্তি প্ৰজ্বলনেৰে ৰূপায়ন কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত যিসকল শ্বহীদৰ মহান ত্যাগৰ বিনিময়ত অসম চুক্তি স্বাক্ষৰিত হৈছিল সেই ৮৫৫ জন শ্বহীদৰ স্মৃতিত এক মিনিট মৌন প্ৰাৰ্থনা কৰে । তাৰ পিছত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ মূখ্য আহ্বায়ক জয়ন্ত বৰাৰ আৰু বলিন গগৈ আৰু দিব্যজ্যোতি গগৈৰ নেতৃত্বত আছু কৰ্মীসকলে অংশগ্ৰহন কৰে৷ সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, অসম চৰকাৰ হুচিয়াৰ, অসম চুক্তি ৰূপায়ন কৰক, বাংলাদেশী গ’ বেক আদি শ্ল’গানেৰে আজিৰ প্ৰতিবাদী কাৰ্যসূচী আছুকৰ্মী সকলে উত্তাল কৰি তোলে৷

Related Articles

Leave a Reply

Close