অসম

শদিয়াত সদৌ অসম কবি সন্মিলন

প্ৰথম খবৰ, শদিয়া: তিনিচুকীয়া জিলা কবি সন্মিলনৰ উদ্যোগত আৰু শদিয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত শদিয়া মহাবিদ্যালয়ত আজি বহু ভাষিক কবি সন্মিলন অনুষ্ঠিত হয়। কবি মানিক শইকীয়াই সঞ্চালনাত কৰা বহু ভাষিক কবি সন্মিলনত সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়া সাধাৰণ সম্পাদক উজ্জ্বল পাওগাম, তিনিচুকীয়া জিলা কবি সন্মিলনৰ সভাপতি হিতেশ গগৈ, সম্পাদক ৰতন বৰা, সুৰেন্দ শদিয়া উপস্থিত থকাৰ লগতে অসমৰ প্ৰতিষ্ঠিত কবি ক্ৰমে ৰিজুমণি শইকীয়া, অজিত গগৈ, বিশাল অনুৰাগ, মিতালী মহন্ত, হীৰামনি বৰুৱা, বন্দিতা গোহাঞি নেওগ, অৰুণীমা সন্দিকৈ, অৰুপ চাংমাই, মৃদল দহোতীয়া, কবিৰজোতি বৰা, ৰোজলীন গগৈ, ৰচমি ৰেখা সাউত, ৰুপা গগৈ, মনোৰঞ্জন বৰগোহাঞি, বাবুল প্ৰসাদ বৰুৱা, চহিদুল ইছলাম, প্ৰণতি গগৈ, ৰীতা বৰুৱা, চপনা নাথ, মন্দিৰা চেতিয়া, ৰনজন মহন্ত, ভৱানী ধুংগানা আদিকে ধৰি বহু কেইজন কবিয়ে নিজৰ কবিতা পাঠ কৰে।

Related Articles

Leave a Reply

Close