অসম

শিমলুগুৰিত ছাত্ৰ মুক্তিৰ দ্বাৰা মন্ত্ৰী হিমন্তৰ পুত্তলিকা দাহ

প্ৰথম খবৰ, শিমলুগুৰি: অসমৰ জনসাধাৰণৰ জনমতক নস্যাৎ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দম্ভালিৰে দীনদয়াল উপাধ্যায়ৰ নামত অসমত শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা হ’ব বুলি কোৱা লগতে ড° হীৰেন গোহাঁইক উদেশ্য কৰি যি অপমানমূলক মন্তব্য কৰিছিল তাৰ বিৰুদ্ধে  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।কাৰ্যসূচীত উপস্থিত আছিল সংগঠনটোৰ শিমলুগুৰি আঞ্চলিকৰ সভাপতি  বিকাশ ফুকন  সম্পাদক  লক্ষী শইকীয়া  আৰু জিলা সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ৰাজু ফুকন আৰু সহঃ সম্পাদক আছিফ ইছলামৰ  লগতে গণ মুক্তি সংগ্ৰাম অসমৰ আহ্বায়ক ল্যু-চুন শ্যাম, ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিতু সোণোৱালৰ  সংগঠনটোৰ কৰ্মীসকলে  শিক্ষা গেৰুৱাকৰণ বন্ধ কৰক, হিমন্ত বিশ্ব মুৰ্দাবাদ আদি শ্ল’গান দি হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে।

Related Articles

Leave a Reply

Close