অসমশীৰ্ষ

শিৱসাগৰৰ নিউ ডিলাক্সৰ ভাড়াঘৰত মহিলাৰ গলিত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰৰ মাজ-মজিয়াতে কেন্দ্ৰীয় বজাৰৰ নিচেই সমীপত এটা ভাৰাঘৰত এগৰাকী বিবাহিতা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য সৃষ্টি হয়।

পুৱা শিৱসাগৰৰ মুক্তি নাথ চাৰিআলিৰ কেন্দ্ৰীয় বজাৰৰ সন্মুখত অৱস্থিত নিউ ডিলাক্সৰ ভাড়াঘৰৰত উদ্ধাৰ হোৱা মৃতদেহটো প্ৰায় গলি উৱলী গৈছে। তদুপৰি মৃতদেহ উদ্ধাৰ হোৱা কোঠাটো বাহিৰৰ পৰা দৰ্জাত তলা লগোৱা অৱস্থাত উদ্ধাৰ হোৱাত ঘটনাই পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে।

মুখ বন্ধা আৰু বস্ত্রহীন সম্পূৰ্ণ উলংগ গলিত মৃতদেহতো শিৱসাগৰৰ লাকুৱা অঞ্চলৰ দীক্ষা ৰাজকুমাৰী বুলি জানিব পৰা গৈছে। তেওঁ কৰ্মসূত্ৰে শিৱসাগৰত উক্ত ভাড়াঘৰটোত ভাড়া লৈ আছিল। উল্লেখযোগ্য যে মৃতদেহতো উদ্ধাৰ হোৱা সম্পূৰ্ণ বস্ত্রহীন একেবাৰে গলিত অৱস্থাত আছিল আৰু উৎকত দূৰ্গন্ধ নিৰ্গত হোৱাত ঘৰৰ মালিকৰ দৃষ্টি পৰাত সন্দেহ ভিত্তিতে প্ৰশাসনক খবৰ দিয়ে আৰু প্ৰশাসনিক বিষয়াৰ উপস্থিতিত বাহিৰ পৰা লগাই থোৱা তলা ভাঙি দৰ্জা খুলি মৃতদেহতো উদ্ধাৰ কৰে।

ঘটনাস্থলীত উপস্থিত থকা জনসাধাৰণে মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰা কৰিছে। ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসনে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে।

Related Articles

Leave a Reply

Close