অসম

শিৱসাগৰ প্ৰাথমিক শিক্ষক সন্মিলনী ধৰ্ণা অাৰু বিক্ষোভ কাৰ্যসূচী

প্ৰথম খবৰ,গৌৰীসাগৰ: অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ দ্বাৰা প্ৰাথমিক শিক্ষক সকলৰ দীৰ্ঘদিনীয়া দাবী সমুহ সমাধান নোহোৱাৰ পৰিপ্ৰেক্ষিতত কেইবালানিও অান্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে। অাজি অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ অাহ্বান মৰ্মে অাৰু শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শিক্ষকৰ লগতে সকলো কৰ্মচাৰী ক্ষেত্ৰতে প্ৰৱৰ্তন কৰাৰ নতুন পেণ্সন অাঁচনি শীঘ্ৰে বন্ধ কৰি পুৰণি পেন্সন নীতি বাহল ৰখা দাবী, ষষ্ঠ দৰমহা অায়োগৰ অাসোৱাহ দুৰ কৰি প্ৰয়োজনীয় সংশোধন ঘটাই সপ্তম দৰমহা অায়োগৰ প্ৰতিবেদনত প্ৰতিফলিত কৰা দাবী অাৰু সপ্তম দৰমহা অায়োগ ভাৰতৰ সকলো ৰাজ্যতে ২০১৬ বৰ্ষৰ ১ জানুৱাৰী পৰা কাৰ্যকৰী কৰা ঠিকা ভিত্তিত শিক্ষককে ধৰি সকলো পৰ্য্যায়ৰ শিক্ষককে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দ্দেশ অনুসৰি “সম কামৰ সম দৰমহা” প্ৰদান কৰাৰ লগতে প্ৰাথমিক শিক্ষা অাৰু শিক্ষকৰ সমস্যা সমুহ সমাধানৰ বাবে এখনি ৰাষ্ট্ৰীয় অায়োগ গঠন কৰাৰ দাবী লৈ পুৱা ১১ বজাৰ পৰা ১ বজালৈ দুঘণ্টীয়া এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। এই দাবীসমুহ অতিসোনকালে পূৰণ নকৰিলে  জংগী অান্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।

Related Articles

Leave a Reply

Close