অসম

শোনিতপুৰ জিলা ঘাটোৱাৰ সমাজৰ কৃতি ছাত্র ছাত্রীক সম্বৰ্ধনা অনুষ্ঠান

প্ৰথম খবৰ, বৰগাং/বিহালী: সদৌ অসম ঘাটোৱাৰ সমাজৰ শোনিতপুৰ জিলা সমিতিৰ উদ্যোগত বিহালী, বাঘমৰা,বিশ্বনাথ,ন-দুৱাৰ,তেজপুৰ আৰু ঢেকীয়াজুলী আঞ্চলিক সমিতিৰ সহযোগত আজি বিহালীৰ আধাখনাত কৃতি ছাত্র-ছাত্রীক সম্ব্ধনা ও অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই উপলক্ষে দিনজোৰা কাৰ্যসূচীৰ পুৱা পতাকা উত্তোলন কৰে উদ্ যাপন সমিতিৰ সভাপতি বৈশাকু ৰয় ঘাটোৱাৰে ৷ শ্বহীদ তৰ্পন কৰে শোনিতপুৰ জিলা সমিতি ঘাটোৱাৰ সমাজৰ সম্পাদক ৰবীন ঘাটোৱাৰে ৷ দিনৰ ১ বজাৰ পৰা সম্ব্ধনা সভা অনুষ্টিত হয় ৷ বৈশাকু ৰয় ঘাটোৱাৰে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য বাখ্যা কৰে ৰবীন ঘাটোৱাৰে ৷ সভাত বিশিষ্ট অতিথি হিচাবে ঘাটোৱাৰ সমাজৰ শোনিতপুৰ জিলা সমিতিৰ উপদেষ্টা পৱন ঘাটোৱাৰ আৰু বিষ্ণু ঘাটোৱাৰ ,আদিবাসী ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক অজিত কুৰ্মী,আপকুৰ বিশ্বনাথ জিলা সমিতিৰ সভানেত্রী প্ৰনীতা ৰায় ভুঞাই ছাত্র ছাত্রী সকলক উদ্দেশ্যি অনুপ্ৰেৰনা মুলক ভাষন প্ৰদান কৰাৰ লগতে আমন্ত্রিত অতিথি হিচাপে সদৌ অসম ঘাটোৱাৰ সমাজৰ কেন্দ্ৰীয় সমিতিৰ সহঃসম্পাদক গোবিন্দ ঘাটোৱাৰ আৰু সাংস্কৃতিক সম্পাদক ভাৰত ঘাটোৱাৰে ভাষন প্ৰদান কৰে ৷ সভাত অ বিভক্ত শোনিতপুৰ জিলাৰ ২০১৭ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা ,উচ্চত্বৰ মাধ্যমিক আৰু স্নাতক পৰীক্ষাত উত্তীৰ্ন ২০ গৰাকী ছাত্র ছাত্রীক সম্বৰ্ধনা জনোৱা হয় ৷ সভাৰ কাৰ্যসুচীৰ মাজে মাজে ঝুমুৰ,কৰম,আধুনিক আদি নৃত্য শিল্পী সকলে পৰিবেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ শলাগৰ শৰাই আগবঢ়াই সমাজৰ শোনিতপুৰ জিলা সমিতিৰ সভাপতি ৰিন্টু ঘাটোৱাৰে ৷

Related Articles

Leave a Reply

Close