অসম

সাপটগ্ৰাম মহাবিদ্যালয়ত কবি সন্মিলন

প্ৰথম খবৰ, সাপটগ্ৰাম: বিলাসীপাৰা মহকুমাৰ উচ্চ শিক্ষাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান সাপটগ্ৰাম মহাবিদ্যালয়ত সাত আগষ্টত এখন বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। মহাবিদ্যালয়খনৰ সাহিত্য আৰু সংস্কৃতি কোষ আই কিউ এ ছি ৰ উদ্যোগত আৰু প্ৰেৰণা মঞ্চ ( এন জি অ) সাপটগ্ৰামৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া সন্মিলনত নামনি অসমৰ কেইবাগৰাকী প্ৰতিষ্ঠিত কবিয়ে অংশগ্ৰহণ কৰিব বুলি প্ৰেৰণাৰ সম্পাদক ছত্ৰপতি গোস্বামীয়ে জনাইছে। মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিবলগীয়া কবি সন্মিলনৰ লগতে স্বাস্থ্য সজাগতা সভাৰো আয়োজন কৰিছে মহাবিদ্যালয় কতৃপক্ষই।

Related Articles

Leave a Reply

Close