বিনোদনৰাষ্ট্ৰীয়

সোনাক্ষী সিনহাই ভজন গাব বাবা ৰামদেৱৰ লগত

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : টেলিভিছন জগতৰ বৰ্তমান ট্ৰেণ্ডত থকা শ্ব’ হ’ল ৰিয়েলিটী শ্ব’। সেইয়েহে বিভিন্ন চেনেলত বেলেগ- বেলেগ ধৰণৰ ৰিয়েলিটী শ্ব’ৰ সম্প্ৰচাৰ হ’বলৈ ধৰিছে। এইবাৰ আন এক নতুন কনচেপ্তৰ ৰিয়েলিটী শ্ব’ৰ সম্প্ৰচাৰ হ’ব। এইবাৰ “ওম শান্তি ওম”, ভক্তিমূলক ৰিয়েলিটী শ্ব’ৰ সম্প্ৰচাৰ হ’ব। এই অনুষ্ঠানটোত সোনাক্ষী সিনহা আৰু ৰামদেৱ বাবাক একেলগে দেখিব দৰ্শকে। তেওঁলোকৰ লগত থাকিব বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী কণিকা কাপুৰ। এই আটাইকেইজনে ভজন গাব শ্ব’ত, অৰ্থাৎ ভক্তৰ ৰূপত দেখিবলৈ পোৱা যাব সোনাক্ষী সিনহা, কণিকা কাপুৰ আৰু বাবা ৰামদেৱক। আটাইকেইজনৰে নতুন অৱতাৰ চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে দৰ্শকসকলেও।

Related Articles

Leave a Reply

Close