অসমশীৰ্ষ

হাতত দা লৈ ৰাজপথৰ দাঁতিৰ হাবি কাটিলে বিধায়কে

প্ৰথম খবৰ, মৰিয়নি: মৰিয়নিৰ  হোলোঙাপাৰ গিবন বন্য প্ৰাণী অভয়াৰণ্যৰ কাষেদি যোৱা ধোদৰ আলিৰ কাষত হাবি কটাত ব্যস্ত বিধায়ক ৰূপজ্যোতি কুর্মী সহিতে প্ৰায় ডেৰ শতাধিক কংগ্ৰেছী কর্মকর্তা।

এই অঞ্চলত সঘনাই সংঘটিত হৈ থকা হস্তী মানৱৰ সংঘাত ৰোধ কৰিবলৈ মৰিয়নি বিধায়ক গৰাকীক এনেদৰে দেখা গল। গিবন অভয়াৰণ্যৰ দাঁতিয়েদি যোৱা ধোদৰ আলিত খাদ্যৰ সন্ধানত অহা হাতীৰ পালে জোপোহানিৰ আঁৰ লৈ অতৰ্কিটে পথচাৰিক আক্ৰমণ কৰে।

যাৰ বাবে বিয়লি বেলা এই চোৱা পথ পাৰ কৰাটো লোকসকলৰ বাবে ভয়ঙ্কৰ হৈ পৰে। পথৰ কাষত ৰৈ থকা হাতীৰ পালটোক দূৰৰ পৰা পথচাৰীৰ দৃষ্টি গোচৰ হয় আৰু সম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰে তাৰে প্ৰতি লক্ষ্য ৰাখি আজি চাফাই কৰে বিধায়ক কুৰ্মীয়ে।

যিটো কাম জনসাধাৰণৰ সুৰক্ষাৰ বাবে বন বিভাগে কেতিয়াবাই কৰিব লাগিছিল সেই কামতো তেওঁলোকে নকৰাত ৰূপজ্যোতি কুৰ্মীয়ে লোৱা এই প্ৰচেষ্টাক ৰাইজে শলাগ লৈছে।

Related Articles

Leave a Reply

Close