অসম

হামৰেণত পতাকা উত্তোলন কৰিলে উপায়ুক্ত দীপক কুমাৰ বৰুৱাই

প্ৰথম খবৰ, বৈঠালাংছ’: দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে পশ্চিম কাৰ্বি আংলঙৰ হামৰেণতো ৭১ তম স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। ৰংবং ৰংহাং খেল পথাৰত জিলা উপায়ুক্ত দীপক কুমাৰ বৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

ইফালে, হামৰেণৰ ৰংবং ৰংহাং খেলপথাৰত আয়জিত স্বাধীনতা দিৱসৰ পেৰেড কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসুস্থ হৈ পৰে বিভিন্ন বিদ্যালয়ৰ দহজন ছাত্ৰ ছাত্ৰী। অসুস্থ হৈ পৰা আটাইকে হামৰেণ মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Related Articles

Leave a Reply

Close