অসমশীৰ্ষ

১৬ আগষ্টলৈকে উৰিল ১৫ আগষ্টত উত্তোলন কৰা ৰাষ্ট্ৰীয় পতাকা

প্ৰথম খবৰ, দেওমৰনৈ: দৰং জিলাৰ পাৰিয়াপাৰাত ১৬ আগষ্টলৈকে উৰি থাকিল ১৫ আগষ্টত উত্তোলন কৰা ৰাষ্ট্ৰীয় পতাকা। এয়া হৈছে দৰং জিলাৰ পাৰিয়াপাৰা গাঁৱত থকা আমিৰুদ্দিন আলি স্মৃতি প্ৰাথমিক বিদ্যালয়ৰ ঘটনা। যি সময়ত সমগ্র ভাৰতবর্ষই স্বাধীনতা দিৱস উদযাপন কৰি ৰাষ্ট্ৰীয় পতাকাখনক সন্মান প্ৰদৰ্শন কৰিলে তেনেসময়তে দৰং জিলাৰ পৰিয়াপৰাত থকা বিদ্যালয়খনৰ শিক্ষকসকলে ৰাষ্ট্ৰীয় পতাকাখনক অৱমননা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

যি সময়ত শিক্ষকসকলে ৰাষ্ট্ৰীয় পতাকাখন আজিলৈকে উৰোৱাই ৰাখি স্বাধীনতা দিৱসটিক গুৰুত্বহীন কৰিলে তেনেস্থলত বিদ্যালয়খনৰ ছাত্ৰ -ছাত্ৰী সকলক কি শিক্ষা প্ৰদান কৰিব বুলি স্থানীয় ৰাইজে প্ৰশ্ন তোলাৰ লগতে বিহিত ব্যৱস্থা এটি গ্রহণ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে শিক্ষামন্ত্ৰী গৰাকীলৈ আহ্বান জনাইছে।

Related Articles

Leave a Reply

Close