অসম

৩৭ নং ৰাষ্ট্রীয় ঘাই পথ আগিয়াত দুৰ্ঘটনা

প্ৰথম খবৰ, আগিয়া: নিশা হ’লেই যেন কিছুমান চালক মদৰ ৰাগিত উত্তাৱল হৈ পৰে আৰু ৰাজ পথত গাড়ী চলাওতে নিজকে পাহৰি পেলাই নিজস্ব খেয়াল খুচি মতে গাড়ীখনৰ নিজস্ব গতি বেগৰ কথা পাহৰি দূৰন্ত গতিত যেনিবা আকাশী জাহাজ হে চলাবলৈ লৈছে তেনেকৈ যাওতে বহুতো ৰাজপথৰ জীৱৰ জীৱনলৈ কঢ়িয়াই আনে অমানিশা।  আজি ৩৭ নং ৰাষ্ট্রীয় ঘাই পথৰ আগিয়া আৰক্ষী থানাৰ পৰা নাতি দূৰৰ উলুপাৰাত ঘটিল সেই অতি দুখ লগা ঘটনাটো।

প্ৰাপ্ত বাতৰি মতে, আজি নিশা ৯:০০ বজাত পেচাত হোটেল ব্যৱসায়ী কিছু বছৰ পূৰ্বে স্বামী হেৰুৱা মৃত কুশল দাসৰ ভাৰ্য্যা এজন পুত্ৰ আৰু এজনী কন্যা সন্তানৰ মাতৃ জেউতি নাথ দাসে (২৫) নিজৰ দোকান সামৰি ঘৰলৈ উভতি থকাৰ পৰত গোৱালপাৰাৰ পৰা আহি থকা এল্ট’ কাৰ এখনে ৰাজপথতে খুন্দিয়াই অতি সংকটজনক অৱস্থাত পেলাই থৈ পলাই যায়। অৱশ্যে ঘটনা সংঘটিত হোৱাৰ পিছত অতি সংকটজনক অৱস্থাত স্থানীয় ৰাইজে ১০৮ মৃত্যুঞ্জয় সেৱা মাতি উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আজি কিছুদিনৰ পৰা চালক লসকলৰ অতপালি সন্ধিয়া হ’লে বাঢ়ি যোৱা দেখা গৈছে যদিহে জিলা প্ৰশাসনে ইয়াৰ উচিত ব্যৱস্থা অতি সোনকালে নলয় তেতিয়া হ’লে দিনক দিনে এই দুৰ্ঘটনাৰ পৰিমাণ বাঢ়ি যে যাব সেয়া ধুৰুপ। সেয়েহে সচেতন মহলে ইয়াৰ ওপৰত উচিত ব্যৱস্থা ল’বলৈ প্ৰশাসনক দাবী কৰিছে।

 

Related Articles

Leave a Reply

Close