অসম

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত মৰাণত আদিবাসী ছাত্ৰ সন্থাৰ আৰু চুতীয়া ছাত্ৰ সন্থাৰ ঘাই পথ অৱৰোধ

প্ৰথম কবৰ. মৰাণ: ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ শীঘ্ৰে মেৰামতিৰ কৰা দাবীত মৰাণত আদিবাসী ছাত্ৰ সন্থাৰ আৰু চুতীয়া ছাত্ৰ সন্থাই মৰাণত ৩৭নং ৰাষ্ট্ৰীয়ঘাইপথ অৱৰোধ কৰি বিজেপিৰ চৰকাৰক সকিয়নী প্ৰদান কৰে। আছাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দেবেন ওৰাং আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা ক্ষীৰোদ শইকীয়া নেতৃত্বত লোৱা পদক্ষেপ অৱৰোধ কাৰ্যসূচীত সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিধায়ক চক্ৰধৰ গগৈ আৰু যোগেন মহন মুৰ্দাবাদ, বিজেপিৰ মুৰ্দাবাদ আদি শ্ল’গানেৰে মৰাণত আকাশ- বতাহ কপাই তোলে। দুঘণ্টা পথ অৱৰোধ কৰাৰ পাছত মৰাণ ৰাজহ চক্ৰৰ যোগেদি ডিব্ৰুগড় জিলা উপায়ুক্তলৈ এখন দাৱী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে।

Related Articles

Leave a Reply

Close