অসম

ৰঙিয়াত কেন্দ্ৰীয় ভাৱে উদযাপন স্বাধীনতা দিৱস

প্ৰথম খবৰ, ৰঙিয়া: সমগ্ৰ দেশৰ লগতে আজি ৰঙিয়াতো কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয় ৭১ তম স্বাধীনতা দিৱস। ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৭১ তম স্বাধীনতা দিৱসৰ কাৰ্যসূচী। এই কাৰ্যসূচীত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনিন্দ্ৰ বৰদলৈয়ৈ পতাকা উত্তোলন কৰে। তেওঁ আৰক্ষী , NCC , বিভিন্ন স্কুলৰ পৰা অহা শিক্ষাৰ্থী সকলৰ মাৰ্চপাচৰ অভিবাদন গ্ৰহণ কৰে । পতাকা উত্তোলন কৰি দিয়া ভাষণত তেওঁ চৰকাৰৰ বিভিন্ন উন্নয়নমুলক কামৰ খতিয়ান দাঙি ধৰে। তেওঁ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে কেইবাগৰাকী ব্যক্তিক সম্বর্ধনা জ্ঞাপন কৰে।

 

Related Articles

Leave a Reply

Close