অসম
ৰঙিয়াৰ পৰা মাতৃ – পুত্ৰ নিৰুদ্দেশ

প্ৰথম খবৰ, ৰঙিয়া : ৰঙিয়া গোশাই শৌলমাৰীৰ এগৰাকী ২২ বছৰীয়া মহিলা আৰু তেওঁৰ আঢ়ৈ বছৰীয়া পুত্ৰ সন্তান সোমবাৰে দিনৰ ভাগত ৰঙিয়াৰ পৰা সন্ধানহীন হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । মহিলা গৰাকীৰ স্বামী আজিজুৰ ৰহমানে জানিবলৈ দিয়ামতে তেওঁৰ পত্নী আমিনা বেগম ওৰফে অনিতাই যোৱা সোমবাৰে ৰঙিয়া সামূহিক চিকিৎসালয়ত পুত্ৰ সন্তানক লগত লৈ যোৱাৰ পিছৰ পৰা সন্ধানহীন হয় । নিশালৈ ঘৰলৈ উভতি নহাত পৰিয়ালৰ চিন্তা ত পৰে । নিশাৰ ভাগতে বিভিন্ন সম্পৰ্কীয় ব্যক্তিৰ ঘৰত বিচাৰে যদিও মহিলা গৰাকীৰ কোনো সম্ভেদ নাপাই ৰঙিয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে । জানিব পৰামতে কৰ্ণাটকৰ মহিলা গৰাকীৰ লগত দীৰ্ঘ দিনৰ পৰা চিনাকী সূত্ৰে ৰঙিয়াৰ যুৱকজনৰ লগত প্ৰেম বিবাহ সম্পন্ন হয় । কৰ্ণাটকৰ মাৰ্কেয়েৰী জিলাৰ মুৰনাড থানা এলেকাৰ গাওঁখনৰ যুৱতী গৰাকীৰ লগত প্ৰায় চাৰি বছৰ পূৰ্বে তেওঁ লোকৰ বিয়া হৈছিল ।পত্নী আৰু পুত্ৰৰ সন্দৰ্ভত কোনো ব্যক্তিয়ে অবগত হলে স্থানীয় থানা নাইবা ৭৮৯৬৬৩০৩২২২ নম্বৰ ফোনত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।