অসম

ৰাজ্যৰ বৰ্ষীয়ান কংগ্রেছ নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী সন্তোষ মোহনদেৱৰ দেহাৱসান

প্ৰথম খবৰ, শিলচৰ: দীৰ্ঘদিন মৃত্যুৰ সৈতে যুঁজি অৱশেষত বুধবাৰে ৰাতি পুৱা ৬ বজাত মৃত্যুৰ কোলাত ঢলি পৰিল ৰাজ্যৰ বৰ্ষীয়ান কংগ্রেছ নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী সন্তোষ মোহনদেৱ ওৰফে ৰানা দা। হৃদৰোগত আক্রান্ত হৈ বুধবাৰে শিলচৰৰ ভেলী হাস্পতালত ইহলীলা ত্যাগ কৰে বৰাক কংগ্রেছৰ অভিভাৱকজনে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ। বৰাকৰ প্রবাদ পুৰুষ এই জন কংগ্রেছ নেতাৰ মৃত্যুত বৰাকৰ লগতে সমগ্র ৰাজ্যখনতে শোকৰ ছাঁ পৰে। ইফালে , সন্তোষ মোহন দেৱৰ মৃত্যুৰ খবৰ পাই শ শ গুণমুগ্ধ ভেলী হাস্পতালত উপস্থিত হয়। ছয়বাৰৰ সাংসদ আৰু কেইবাবাৰো কেন্দ্রীয় মন্ত্রীত্ব লাভ কৰা জ্যেষ্ঠ কংগ্রেছ নেতাজনৰ খা-খবৰ লবলৈ মঙলবাৰেই হাস্পতালত উপস্থিত হয় প্রদেশ কংগ্রেছৰ বিচিত্র চৌধুৰী, অপুৰ্ব ভট্টাচাৰ্য, বলীন কুলি, কিশোৰ ভট্টাচাৰ্য সহ পাঁচজনীয়া এটি দল।

হাস্পতালত উপস্থিত হয় ত্রিপুৰা কংগ্রেছৰ বিধায়িনী দলৰ নেতা গোপাল ৰয়, ৰাজ্যৰ প্রাক্তন মন্ত্রী অজিত সিং সহ বৰাকৰ অসংখ্য কংগ্রেছ নেতা কৰ্মী। বুধবাৰে ৰাতি পুৱা ৬.০৬ বজাত সন্তোষ মোহন দেৱে ইহলীলা সম্বৰণ কৰাৰ পাছতে শোকৰ ছাঁ নামি আহে বৰাক উপত্যকালৈ। ইফালে, প্রদেশ কংগ্রেছৰ নিৰ্দেশত শিলচৰ জিলা কংগ্রেছে দলীয় কাৰ্যালয়ত ইন্দিৰা ভবনত দলৰ পতাকা অৰ্ধনিমিত কৰি শোক প্রকাশ কৰে। তদুপৰি , কংগ্রেছ কাৰ্যালয়ত আয়োজিত শ্রদ্ধাঞ্জলি অনুষ্ঠানত অসংখ্য গুনমুগ্ধ আৰু দলীয় নেতা কৰ্মীয়ে দেৱৰ প্রতিকৃতিত মাল্যাৰ্পন কৰি তেওঁক শ্রদ্ধা নিবেদন কৰি বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰে। শিলচৰ জিলা কংগ্রেছ আয়োজিত এক সংবাদ মেলত দেৱৰ মৃত্যুত ভাৰতবাসীয়ে এজন দক্ষ কংগ্রেছী নেতা হেৰুৱালে বুলি মন্তব্য কৰে প্রদেশ কংগ্রেছ আৰু শিলচৰ কংগ্রেছ নেতৃত্বই। দেৱৰ মৃত্যুত কংগ্রেছৰ বৃহৎ ক্ষতি হোৱা বুলি মন্তব্য কৰে প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক অপুৰ্ব ভটাচাৰ্য, উপ সভাপতি বলীন কুলি, বিচিত্র চৌধুৰী প্রাক্তন মন্ত্রী অজিত সিং সহ কংগ্রেছ নেতাসকলে ।
এসময়ত ত্রিপুৰাৰ পৰা সাংসদ নিৰ্বাচিত হোৱা আৰু ত্রিপুৰা ৰাজ্যৰ ৰাজ্যপালৰ পদ অলংকৃত কৰা সন্তোষ মোহন দেৱৰ মৃত্যুত ত্রিপুৰা কংগ্রেছেও শোক প্রকাশ কৰে। সংবাদ মেলত ত্রিপুৰা কংগ্রেছৰ বিৰোধী দলৰ নেতা গোপাল ৰয়ে দেৱৰ মৃত্যুত কংগ্রেছৰ অপূৰনীয় ক্ষতি হ’ল বুলি মন্তব্য কৰে।সন্তোষ মোহন দেৱৰ মৃত্যুত প্রধান মন্ত্রী নৰেন্দ্র মোডী, প্রাক্তন ৰাষ্ট্রপতি প্রনৱ মূখাৰ্জী,মূখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল, নিখিল ভাৰত কংগ্রেছৰ সভানেত্রী ছোনিয়া গান্ধী, উপ সভাপতি ৰাহুল গান্ধী ,প্রাক্তন মূখ্যমন্ত্রী তৰুন গগৈ, পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জী, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰা, এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল সহ অসংখ্যজনে শোক প্রকাশ কৰি শোকতপ্ত পৰিয়াললৈ সম বেদনা জ্ঞাপন কৰে ।
ইফালে, দেৱৰ মৃতদেহৰ অন্ত্যেষ্টিক্রিয়া ৰাষ্ট্রীয় মৰ্যদাৰে সম্পন্ন কৰা হ’ব। বৃহস্পতিবাৰে ৰাতিপুৱা দেৱৰ মৃতদেহ ভেলী হাস্পতালৰ পৰা পোনে পোনে তাৰাপুৰস্থিত বাসভৱনলৈ অনা হ’ব । ৮-৩০ বজাৰ পৰা দহ বজালৈ দেৱৰ মৃতদেহ বাসভৱনতে ৰখা হব । জিলা কংগ্রেছে সংবাদ মাধ্যমক অবগত কৰা মতে, এইখিনি সময়ত গুণমুগ্ধ আৰু কংগ্রেছৰ নেতা কৰ্মী সকলে প্রাক্তন কেন্দ্রীয় মন্ত্রী জনৰ প্রতি শেষ শ্রদ্ধা নিবেদন কৰিব । দেৱৰ পৰতি শেষ শ্রদ্ধা জনাবলৈ নিখিল ভাৰত কংগ্রেছৰ উপ সভাপতি ৰাহুল গান্ধী, চি পি যোশী, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাৰ লগতে নিখিল ভাৰত কংগ্রেছৰ কেবা গৰাকী শীৰ্ষ নেতা উপস্থিত থাকিব । ইয়াৰ পিচত দেৱৰ মৃতদেহ লৈ এক শোক সমদল উলিয়াব হ’ব শিলচৰত আৰু শেষত শিলচৰ শ্মশান ঘাটত অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ’ব । ইফালে, ৰাজ্যৰ বৰ্ষীয়ান কংগ্রেছ নেতা জনৰ মৃত্যুত কাইলৈ বৰাকৰ তিনিও জিলাত স্থানীয় বন্ধৰ দিন পালন কৰিবলৈ ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষনা কৰিছে । মৃত্যুৰ সময়ত দেৱে পত্নী বীথিকা দেৱ, সাংসদ সুষ্মিতা দেৱ সহ জী জোৱাই দুই জ্যেষ্ঠ ভাতৃ সহ অসং গুণমুগ্ধক এৰি যায়।

Related Articles

Leave a Reply

Close