বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

‘কেবিচি’ৰ বিজয়ী প্ৰাৰ্থীয়ে লাভ কৰিব সাত কোটি টকা

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, প্ৰথম খবৰ: টেলিভিচনৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘কৌন বনেগা কৰোৰপতি’ আপোনালোকৰ মনোৰঞ্জনৰ বাবে পুনৰ সাজু হৈছে। অমিতাভ বচ্চনৰ দ্বাৰা আঁতধৰা পপুলাৰ শ্ব’টো ছোনী টিভিত অহা ২৮ আগষ্টৰ পৰা সম্প্ৰচাৰিত হ’ব। ২০০১চনত আৰম্ভ হোৱা এই জনপ্ৰিয় শ্ব’টো কিছু নতুন ৰূপত দেখিবলৈ পাব চলিত বৰ্ষত। বিগত ১৭ বছৰেই দৰ্শকৰ বিপুল সমাদৰ লাভ কৰা বিগ-বিৰ এই অনুষ্ঠানটোত পূৰ্বতে বিজয়ীজনে লাভ কৰিছিল সম্পূৰ্ণ এক কোটি টকা। কিন্তু চলিত বৰ্ষৰ পৰা বিজয়ী প্ৰতিযোগীয়ে লাভ কৰিব সাত কোটি টকা।

চলিত বৰ্ষৰ অনুষ্ঠানত বিজয়ী প্ৰাৰ্থীজনৰ জীৱনেই সলনি হৈ যাব। কিন্তু এই বছৰৰ কি কি সলনি ঘটিব জনপ্ৰিয় ৰিয়েলিটি শ্ব’টোত?

১) চলিত বৰ্ষত বিজয়ী প্ৰতিযোগীয়ে লাভ কৰিব এক কোটিৰ বিপৰীতে সাত কোটি টকা। যেতিয়া এজন প্ৰতিযোগীয়ে এক কোটি টকা লাভ কৰিব তাৰ ঠিক পাছৰ প্ৰশ্নটোৰ যদি সঠিক উত্তৰ দিব পাৰে তেন্তে তেওঁ লাভ কৰিব সাত কোটি টকা। অৱশ্যে এই প্ৰাইজমানিত চৰকাৰক দিবলগীয়া টেক্সসমূহো সংযোজিত হৈ আছে।

২) এইবাৰ শ্ব’টোৰ লাইফ লাইন ‘ক’ল এ ফ্ৰেণ্ড’ ৰ ফৰ্মেটো কিছু সলনি কৰা হৈছে। এইবাৰৰ পৰা তেওঁলোকে ভিডিঅ’ ক’ল কৰিব পাৰিব। লগতে ‘জোৰীদাৰ’ নামৰ ফীচাৰটোত ষ্টেজতে কোনোবা ফ্ৰেণ্ডৰ সহায় ল’ব পাৰিব।

৩) চেলেব্ৰিটি অতিথিসকলে নিজৰ ছবি প্ৰমোচন কৰিব নোৱাৰিব। সেই বুলি এইটোও নহয় যে, অনুষ্ঠানটোত কোনো চেলেব্ৰিটি নাথাকিব।

৪) চলিত বৰ্ষৰ সম্প্ৰচাৰিত হ’বলগীয়া কেবিচিৰ মুঠ ৩০-৩৫ টা এপিচোডহে সম্প্ৰচাৰিত হ’ব। অৰ্থাৎ এই শ্ব’টো ছয় সপ্তাহ সম্প্ৰচাৰ কৰা হ’ব। জানিব পৰা মতে, যথেষ্ট কঠিন তথা কম্পিটেটিভ হ’ব এই ৰিয়েলিটি শ্ব’টো।

৫) আটাইতকৈ আকৰ্ষণীয় কথা এইটোৱে যে, আগন্তুটোক ‘কেবিচি’ৰ অনুষ্ঠানটোত দৰ্শকেও ভাগ ল’ব পাৰিব। দৰ্শকসকলে জিঅ’ টিভিৰ সহায়ত খেলিব পাৰিব এই বিশেষ খেলটো। দৰ্শকক সোধা প্ৰশ্নবোৰ মোবাইল স্ক্ৰীনত দেখা পাব। উল্লেখযোগ্য যে, শ্ব’টোৰ টেগলাইনো সলনি কৰিছে। ‘অব জৱাব দেনে কা ৱক্ত আ গায়া’ নতুন টেগলাইন হ’ব।

 

 

Related Articles

Leave a Reply

Close