অসম

ডিমৌত অ’ এন জি চি ৰ বিনামূলীয়া চিকিৎসা শিবিৰ

প্ৰথম খবৰ, ডিমৌ: ৰাজ্যৰ চৌদিশে বানে ভয়াবহ ৰূপ ধাৰণ কৰাৰ পাছত সৃষ্টি হ’ব পৰা ভয়াবহ ৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰা ৰাইজক ৰক্ষাৰ উদ্দেশ্যে শনিবাৰে ডিমৌৰ চ’ৰগুৱাত পূবেৰুণ সামাজিক স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চি ৰ অসম সম্পদৰ চিকিৎসা বিভাগৰ সহযোগত চ’ৰগুৱা উচ্চ জনতা মধ্য ইংৰাজী বিদ্যালয়ত এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়।

এই চিকিৎসা শিবিৰত অঞ্চলটোৰ ১০ খন গাঁৱৰ প্ৰায় এক হাজাৰ লোকে চিকিৎসা সেৱা গ্ৰহণ কৰে। অ’ এন জি চি ৰ তৰফৰপৰা সমন্বয়ৰক্ষক সঞ্জীৱ বৰগোঁহাইৰ তত্বাৱধানত অহা ১৫ জনীয়া এটা চিকিৎসা গোটে চৰ্মৰোগ,জ্বৰ,কাহ, পানীলগা,ডায়েৰিয়া আদি বিভিন্ন ৰোগৰ চিকিৎসা কৰি ঔষধ প্ৰদান কৰে।

উল্লেখযোগ্য যে, অ’ এন জি চি ৰ চিকিৎসা বিভাগৰ জেষ্ঠ চিকিৎসক ডা° বি কে নায়ক,ডা° এ পালানাস্বামী,ডা° অসীম খাৰঘৰীয়া,ডা° কবিৰ ইছলাম আদি অভিজ্ঞ চিকিৎসকসকলে অঞ্চলটোৰ ৰাইজৰ মাজত স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা আগবঢ়ায়। অনুষ্ঠানটোৰ মূল উদ্যোক্তা পূবেৰুণ সামাজিক স্বেচ্ছাসেৱী সংস্থাৰ ফালৰপৰা সভাপতি ৰুবুল কলিতা, উপ-সভাপতি ঘনশ্যাম বুঢ়াগোঁহাই, সহঃসম্পাদক প্ৰমোদ কলিতা, সদস্য গণেশ কলিতা, বীৰেন কলিতা, বদন ফুকন, নিৰন্তৰ বৰগোঁহাই, জয়ন্ত ভৰালী, বিপুল ভৰালী, মানস কলিতা আদি সকলোৱে উপস্থিত থাকি চিকিৎসকসকলক চিকিৎসা আগবঢ়োৱাত সহযোগিতা কৰে । তেওঁলোকৰ এই মহৎ প্ৰচেষ্টাক একেমুখে প্ৰশংসা কৰিছে।

Related Articles

Leave a Reply

Close