অসম

৩ বছৰ ধৰি অচল এখন চিকিৎসালয়

প্ৰথম খবৰ, ঢকুৱাখনা: যি সময়ত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সভাই -সমিতিয়ে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বহু উন্নতি হোৱাৰ বুলি দম্ভালি মৰা সময়তে এখন চিকিৎসালয় স্থাপনৰ দিন ধৰি অচল হৈ থকা দেখা যায়। চিকিৎসালয়ৰখনৰ সামগ্ৰী চকীদাৰে বিক্ৰী কৰা পাছতো স্বাস্থ্য বিভাগে কোনো খবৰ নোপোৱা কাৰ্যত ৰাইজৰ লগতে গাঁওবাসীৰ মাজত এতিয়া প্ৰতিক্ৰিয়া বিৰাজ কৰিছে ।

আমাৰ হাতলৈ অহা তথ্য অনুসৰি ২০১৩ চনতে ঢকুৱাখনা সমষ্টিৰ এজাৰগুৰি দৰ্গে গাঁৱত স্থাপন কৰিছিল ১০ খন বিছনাযুক্ত এই চিকিৎসালয়খন। দুখন বিছনাযুক্ত ৰোগীৰ কক্ষ, অ’ পিডি ভৱন, চিকিৎসক আৰু নাৰ্ছৰ অৱাস আদি নিৰ্মাণত ব্যয় কৰিছিল প্ৰায় এক কোটি টকাৰে অত্যাধুনিক প্ৰযুক্তিৰে ভৱন নিৰ্মাণ কৰিছিল যদিও আজিলৈকে চিকিৎসালয়খন কাৰ্যক্ষম নহ’ল ।

আৰম্ভ হোৱা প্ৰথম দুবছৰ এগৰাকী এন এন এমে সপ্তাহত এবাৰকৈ আহি স্বাস্থ্য পৰীক্ষা আৰু বেজী দিয়া ব্যৱস্থা কৰি আহিছিল যদিও যোৱা ৩ বছৰ ধৰি এ এন এম গৰাকীও নহা হোৱাত অচল হৈ আছে ১০ খন বিছনাযুক্ত এই চিকিৎসালয়খন।

এতিয়া চিকিৎসালয়খন পৰা বিভিন্ন মূল্যবান সামগ্ৰী চকীদাৰে বিক্ৰী কৰাকলৈ একাংশ গাঁওবাসী চিন্তিত হৈ পৰা লগতে এই ক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

Related Articles

Leave a Reply

Close