অসম
আশ্বিকৰ উচুপনিয়ে বাকৰুদ্ধ কৰিছে জাজৰিবাসীক

প্ৰথম খবৰ, জাজৰি: নগাঁও জিলাৰ মধ্যমণি জাজৰি। এই জাজৰিতেই বড়ী মছজিদৰ কাষত পিতৃ-মাতৃৰ লগতেই বাস কৰে ১৬ বছৰীয়া আশ্বিক। উল্লেখযোগ্য যে বিগত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা আশ্বিকে এতিয়া বাট চাইছে আপোনাৰ কিছু সহায় লৈ। ২০০১ চনৰ পৰাই সৰু ডাঙৰ অসুখত ভুগি থকা আশ্বিকৰ ইতিমধ্যেই কেইবাটাও অষ্ট্ৰোপ্ৰচাৰ সম্পন্ন হৈছে।
দুখৰ বিষয় এইটো যে দিন হাজিৰা কৰি কোনোমতে দিন পাৰ কৰা আশ্বিকৰ পিতৃ-মাতৃৰ হাতত জমা ধন বুলিবলৈ বর্তমান একো নাই।দুই এজন শুভাকাংক্ষীৰ অনুগ্ৰহত তেওঁলোকে আশ্বিকক জীৱনদায়িনী দৰৱৰ যোগান ধৰিছে। চৰকাৰী চিকিৎসালয়ত যথুপযুক্ত সুবিধাৰ অভাৱত তেওঁলোকে বৰ্তমান ব্যক্তিগত চিকিৎসালয়ৰ সৰণাপন্ন হৈ সৰ্বশ্ৰান্ত হ’ব লগা হৈছে।
তদুপৰি দুখজনকভাৱে তথা অনাকাংক্ষিতভাৱে চিকিৎসকে আশ্বিকৰ দুয়োটা বৃক্ক বিকল হোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। ফলত পৰিয়ালতোৰ সদস্যসকলে কেওফালে মাথো অন্ধকাৰ হে দেখিব লগা হৈছে আৰু সেয়েহে দিশহাৰা পৰিয়ালটোৱে বাট চাইছে সহৃদয় অসমবাসীৰ আংশিক সহায় লৈ।
কিয়নো তেওঁলোকৰ আংশিক সহায়েৰে এটি শিশুয়ে নৱ জীৱন পাবলৈ সক্ষম হ’ব। সহায় কৰিব বিচৰা উক্ত শুভাকাংক্ষীয়ে নিম্নোক্ত নম্বৰত যোগাযোগ কৰিব পাৰিব 9678445137।