অসম

শক্তিমন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে মুখৰিত লিডু

প্ৰথম খবৰ, লিডু: লিডু আজি শক্তিমন্ত্ৰী পল্লৱলোচন দাস মুৰ্দাবাদ ধ্বনিৰে মুখৰিত হ’ল লিডুৰ আকাশ বতাহ। শক্তিমন্ত্ৰী গৰাকীক অকমৰ্ণ্য আখ্যা দি পদত্যাগৰ দাবী জনাই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিযদে। উল্লেখযোগ্য যে, কালি লিডু অঞ্চলৰ চিপে গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ আকাশ কিচান নামৰ ১৪ বছৰীয়া শিশুৰ মৃত্যু হৈছিল।

চিঙি পৰি থকা বিদ্যুত প্ৰৱাহিত তাঁৰত সংস্পৰ্শিত হৈ মৃত্যু হৈছিল ছাত্ৰ জনৰ । আজি অজাযুছাপৰ মাৰ্ঘেৰিটা আঞ্চলিকৰ নেতৃত্বত দুই শতাধিক ৰাইজে লিডুৰ কলেজ ৰোডৰ সমীপত ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি তায়াৰ জ্বলাই শক্তি বিভাগৰ এই অকমৰ্ণ্যতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠনটোৱে প্ৰতিবাদস্থলীত উপস্থিত থকা সহকাৰী আয়ুক্তক মৃত ছাত্ৰ জনৰ পৰিয়াললৈ উপযুক্ত ক্ষতিপূৰণ জৰাজীৰ্ণ বিদ্যুৎতাৰসমূহ নতুনকৈ লগোৱাৰ ব্যৱস্থা আৰু সমগ্র ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনাই স্মাৰকপত্ৰ প্ৰদান কৰে।

Related Articles

Leave a Reply

Close