অসম

লংকা ৰে’ল ষ্টেচনত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, লংকা: সোমবাৰে নিশা লংকা ৰেল ষ্টেচনৰ সমীপত ৰে’ল পথৰ দাঁতিত এজন লোকৰৰ মৃতদেহ উদ্ধাৰ হোৱাকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। নিশা প্ৰায় ১২.৩০ মান বজাত লংকা ৰে’ল ষ্টেচনৰ যাত্ৰীয়ে ৰে’ল পথৰ দাতিত মৃতদেহটো প্ৰত্যক্ষ কৰি লংকা ৰে’ল আৰক্ষীক খবৰ দিয়ে। পাছত লংকা ৰে’ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ৰে’ল লাইনৰ কাষত উদ্ধাৰ হোৱা মৃতদেহটো পাছত লালচাৰিৰ হালামপাৰাৰ বিচেন চাংমাৰ বুলি চিনাক্ত কৰা হয়। নিশা উজনিমুৱা কাঞ্চনজংঘা যাত্ৰীবাহী ৰে’লৰ পৰা পৰি মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰেল আৰক্ষীয়ে।

Related Articles

Leave a Reply

Close