বিনোদনশীৰ্ষ

হোটেলে হোটেলে অভিসাৰ যেতিয়া স্বাভাৱিক হৈ পৰে অসমীয়া গায়িকাৰ!

প্ৰতিবেদন ৩: আমাৰ দ্বিতীয়খন প্ৰতিবেদনত আপোনালোকে গমেই পাইছে যে আমাৰ নায়ক-নায়িকাৰ জীৱনলৈ সপোনবোৰ বাস্তৱ হৈ আহিছিল। কিন্তু সেই সপোনবোৰ কৰ্পূৰৰ দৰে কেনেকৈ উৰি গ’ল? ক’ত উটি-ভাহি যাবলৈ আৰম্ভ কৰিছিল আপোনালোকৰ মৰমৰ এইগৰাকী গায়িকা?

নিউজ ডেস্ক, প্ৰথম খবৰ: দুয়ো ব্যস্ত হৈ পৰিছিল নিজৰ কৰ্ম জীৱনৰ গতি পথত। কষ্ট-ধৈৰ্য আৰু সাহসেৰে আগবাঢ়ি গৈছিল দুয়ো। নায়কে সুন্দৰ গীত লিখে, সুৰ কৰে। আৰু গায়িকাই মঞ্চই মঞ্চই গীত পৰিৱেশন কৰি ৰাইজৰ আপোন হৈ পৰিছিল। স্বামীয়ে প্ৰত্যেকখন মঞ্চতে পত্নীক সাহস দি পত্নীৰ লগে লগে ঘূৰি ফুৰিছিল।

স্বামীয়ে পাহৰি পেলালে যে তেওঁ নিজেও কেতিয়াবা কোনোবা এখন কলেজৰ শ্ৰেষ্ঠ গায়ক আছিল। পত্নীৰ গীতৰ মাজতে তেওঁ দেখিলে নিজৰ সপোনবোৰ। লাহে লাহে গায়িকাৰ নাম সমগ্ৰ অসমতে সোনকালে বিয়পি পৰিল। বাৰ্থডে পাৰ্টিত গীত গোৱা গায়িকাগৰাকী অসমৰ জনপ্ৰিয় টিভি চেনেলৰ সন্মুখত গীত গাব পৰা হ’ল।

মঞ্চত হিয়া আজুৰি নাচি-বাগি চিত পখিলাৰ দৰে অনুষ্ঠান পৰিৱেশন কৰা হ’ল। স্বামীয়ে মৰমৰ পত্নীৰ সাফল্যত উৎসাহ যোগাই গ’ল প্ৰতিটো খোজত। কিন্তু আমাৰ নায়িকাই যেন এতিয়া সপোনবোৰ বেলেগ ধৰণে দেখা হ’ল।

প্ৰেমৰ সংজ্ঞা যেন এতিয়া গায়িকাৰ বাবে বেলেগ। মায়ানগৰীৰ মায়াৰাণী গায়িকা গুৱাহাটী নিশাৰ ৰাণী হ’বলৈ ধৰিলে। চঞ্চলা গায়িকা ক্ষণে ক্ষণে বেলেগ বেলেগ যুৱকৰ প্ৰেমত পৰা হ’ল। প্ৰতিটো নিশাই গায়িকাৰ বাবে হ’ব লাগিব ৰঙীন। কেইবাখনো বিলাসী হোটেলৰ কোঠা তেওঁৰ বাবে চিনাকি। কেতিয়াবা ওৰে নিশা, কেতিয়াবা মাজনিশালৈ তেওঁৰ বিলাসী হোটেলৰ নিয়মীয়া অতিথি।

প্ৰতিনিধিত্বমূলক ফটো।

ৰঙীন পনীয়ৰ মাজত ডুবি নিজকে ৰঙীনভাৱে চাবলৈ শিকিলে আমাৰ গায়িকাই। তেওঁৰ বাবে পৃথিৱীখন বহুৰঙী হৈ পৰিল। ঘৰ-সংসাৰ, নিজৰ স্বামী এই সকলোবোৰ গায়িকাৰ বাবে হৈ পৰিল অৰ্থহীন। বিলাসী গাড়ীত বহি বিলাতী সুৰাৰ মাজত ডুবি বিভিন্ন জনৰ বুকুত সোমাই প্ৰেমৰ সোৱাদ বিচৰা হ’ল আমাৰ গায়িকাই। সুৰাৰ উত্তাপেৰে জীৱন উত্তপ্ত কৰি ঘৰলৈ উভতি আহে। কেতিয়াবা মাজনিশা। কেতিয়াবা পিছদিনা। কিন্তু এই উত্তাপে জীৱনটো ইমানে উত্তপ্ত কৰি তুলিলে, যে নিজেই তাক কাবু কৰি ৰখাটো টান হৈ পৰিল। তেওঁৰ বাবে। তেওঁৰ স্বামীৰ বাবেও।

আনৰ বুকুৱে বুকুৱে, বাহুৱে বাহুৱে সুৰাৰ ৰাগীত ঘৰলৈ উভতি আহি কি পৰিস্থিতিৰ সৃষ্টি হয়? এনে অৱস্থাত স্বামীয়ে বাৰু ধৰি ৰাখিব পাৰিবনে সুৰাসক্ত উটি-ভাহি ফুৰা এইগৰাকী গায়িকা পত্নীক? তেওঁলোকৰ সপোন, তেওঁলোকৰ সংসাৰ কি হ’ল? কাহিনী আৰু বাকী আছে।

এই সম্পৰ্কে আমাৰ পূৰ্বৰ প্ৰতিবেদন পঢ়িবলৈ ক্লিক কৰক:

প্ৰতিবেদন ১: এগৰাকী অসমীয়া গায়িকা আৰু LOVE SEX DHOKHA

প্ৰতিবেদন ২: গায়িকা সংবাদ ২: কষ্টকৰ দিনবোৰৰপৰা অভিসাৰৰ জগতলৈ

 

Related Articles

1 thought on “হোটেলে হোটেলে অভিসাৰ যেতিয়া স্বাভাৱিক হৈ পৰে অসমীয়া গায়িকাৰ!”

Leave a Reply

Close