অসমশীৰ্ষ

মইনবড়ি ভাৰতীয় ষ্টেট বেংকত উত্তপ্ত পৰিস্থিতি

প্ৰথম খবৰ, মইনবড়ি: এগৰাকী গ্ৰাহকৰ একাউণ্টৰ পৰা ১,৫৯,০০০ টকা হৰলুকি।৩১২১১৮১৮৭৪৪ নম্বৰৰ একাউণ্টৰ পৰা হৰলুকি হয় টকাখিনি।একাউণ্টৰ গৰাকী হবিবৰ ৰহমান। বেংকৰ কাউণ্টাৰৰ পৰা অচিনাকি দুৰ্বৃত্তই উইড্ৰ’ল ফৰ্ম যোগে উঠাই নিয়ে টকাখিনি।

দূৰ্বৃত্তই টকা হৰলুকি কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে গ্ৰাহক ৰাইজৰ মাজত । প্ৰাপ্ত তথ্য মতে, কলগাছিয়াৰ গুনিয়ালগুৰি গাওঁৰ হবিবৰ ৰহমান নামৰ গ্ৰাহকজনৰ ৩১২১১৮১৮৭৪৪ নম্বৰৰ একাউণ্টৰ পৰা যোৱা ৯ আৰু ১০ আগষ্টত ক্ৰমে- ২০,০০০ আৰু ৪৫,০০০ টকা বেংকৰ কাউণ্টাৰৰ পৰা উইথড্ৰল ফৰ্ম যোগে উঠাই নিয়ে কোনো অজ্ঞাত লোকে।

হবিবৰ ৰহমানে নিজৰ একাউণ্ট আপডেট কৰাৰ পিছতেই ধন হৰলুকিৰ ঘটনা পোহৰলৈ আহে। এই সম্পৰ্কে ৰহমানে শাখা পৰিচালক নীল কমল শৰ্মাক লিখিত অভিযোগ দিয়াৰ পাছতো কোনো ধৰণৰ ব্যাৱস্থা গ্ৰহণ নকৰাত ভূক্তভোগী গ্ৰাহকজন কাষ চাপে আৰক্ষীৰ। পিছত কালি এটিএমৰ মিনি ষ্টেট মেন্ট উলোৱাত পুণৰ ৯৪,৫০০ টকা হৰলুকি হোৱাৰ তথ্য পোহৰলৈ আহে।

এতিয়া প্ৰশ্ন হয় দুদিন পূৰ্বে একাউণ্টৰ ধন হৰলুকি হোৱাৰ অভিযোগ দাখিল কৰাৰ পাছতো পুণৰ কেনেকৈ ধন হৰলুকি হবলৈ পালে? সেয়ে এতিয়া ভূক্তভোগী গ্ৰাহকজনে এই হৰলুকি কাণ্ডত বেংকৰ কৰ্মচাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। ইফালে এই সমগ্ৰ ঘটনাৰ সন্ধৰ্ভত শাখা প্ৰৱন্ধক নীল কমল শৰ্মাই মন্তব্য কৰাৰ পৰিৱৰ্তে বেংকৰ পৰা পলায়ন কৰে। আৰক্ষীয়েও বিৰত আছে মন্তব্য প্ৰকাশৰ পৰা।

Related Articles

Leave a Reply

Close