অসমবানপানী ২০১৭

পশ্চিম বিলাসীপাৰাত বান পীড়িতক সাহাৰ্য বিতৰণ

প্ৰথম খবৰ, বিলাসীপাৰা: সকলো প্ৰকাৰৰ সমস্যা, দুৰ্যোগ, আদিত ৰাইজক সেৱা আগবঢ়োৱাত বদৰউদ্দিন আজমলৰ নেতৃত্বত গঠন হোৱা সংগ মাৰকাজুল মাহৰিফৰ উদ্যোগত বিধায়ক কাছিমী, ইউডি এফ দলৰ জিলা মূখ্য-পাত্ৰ, তথা পানবাৰি জিলাপৰিষদৰ সদস্য আব্দূৰ ৰেজ্জাক, ইউ ডি এফ দলৰ বিলাসীপাৰা জিলা সভাপতি আব্দূল খালেখ, জিলা যুৱ সম্পাদক পলান চন্দ্ৰ সত্ৰধৰৰ নেতৃত্বত ইউ ডি এফ কৰ্মীসকলে ভোকাতুৰ বন্যাক্ৰান্তৰ মাজত খৈ-চৰা,মিঠাগুৰ, খোৱা পানী আদি বিতৰণ কৰে

লগতে বন্যাৰ্ত খতিগ্ৰস্ত প্ৰায় এঘাৰ (১১)শ পৰিয়ালৰ মাজত তিৰপাল বিতৰণ কৰে। আনহাতে, আজি একাংশ ইউ ডি এফ কৰ্মী আৰু সাংবাদিকৰ দল এটিলৈ আব্দুৰ ৰেজ্জাকে বড়ো চৰ, আন্ডামাৰী, পাটাকাটা, বাৰোবাৰী, চৌধৰিৰ চৰ, গুটিপাৰা,সাধূভাষা, গাওকলৈ দুকুৰী গাও পৰিভ্ৰমন কৰি গৌৰাং আৰু টিপকাই নৈত উটি যোৱা তথা ঘৰ-দুৱাৰ বিনষ্ঠ হোৱা শতাধিক পৰিয়ালক নগদ পাচ (৫)শ কৈ টকা,চিৰা-মূৰী, গুৰ, এটিকৈ তিৰপাল, বিতৰণ কৰাৰ উপৰি দুই বান্ডেল কৈ টিন-পাত বিতৰণৰ প্ৰস্ত্ততি চলাইছে ।জিলাখনত বানপ্ৰলয় আংশিক নিয়ন্ত্ৰনত আহে যদিও অদ্যপি বিপদ সীমাৰ ওপৰেদি বৈছে ।

Related Articles

Leave a Reply

Close