অসমবিনোদনশীৰ্ষ

পৰ্দাৰ আঁৰৰ নাটক: ৰাজমুকুট এৰা অভিনেত্ৰীক বহিষ্কাৰ কৰিলে প্ৰযোজক মানসে, অসংযত ব্যৱহাৰৰ অভিযোগ গায়ত্ৰীৰ বিৰুদ্ধে

নিউজ ডেস্ক, প্ৰথম খবৰ: পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উদয়ন সংঘৰ আহ্বানত ১৭ আগষ্টৰ পৰা ২০১৭-১৮ বর্ষৰ বাবে নাট্যযাত্রাৰ পাতনি মেলা অসমৰ অন্যতম আগশাৰীৰ নাট্যদল ‘ৰাজমুকুট থিয়েটাৰ’ৰ ২৬ আগষ্টতপাঠশালাত সফল সামৰণি ঘটে।

চম্পক শর্মাৰ ৰচনা-পৰিচালনাৰে ‘বিষাক্ত প্রেমৰ শিকলি’ নাটখনে দর্শকৰ বিপুল সহাঁৰি লাভ কৰাৰ ফলত চাৰিদিনত সর্বমুঠ ১০টাকৈ দর্শনী অনুষ্ঠিত কৰি পাঠশালাৰ বুকুত এক অভিলেখ ৰচাৰ উপৰি চম্পক শর্মাৰ আন দুখন নাট ‘মন তই নাকান্দিবি’ আৰু ‘জাৰজ ৰিটার্ণছ’ নাট দুখনেও দর্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে।

ইয়াৰ মাজতে নাট্যদলটিৰ এগৰাকী চুক্তিবদ্ধ অভিনেত্রী গায়ত্রী বৰাই পাৰিশ্রমিক আদায় নোপোৱা বুলি ‘ৰাজমুকুট থিয়েটাৰ’ৰ প্রযোজক মানস কলিতাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি পাঠশালা আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে।

এই ঘটনাৰ পাছত প্রযোজক মানস কলিতাই গায়ত্রীৰ অভিযোগ ভিত্তিহীন বুলি খণ্ডন কৰি আন এক গোচৰ ৰুজু কৰে আৰক্ষী চকীত। অলপতে ৰাজমুকুটৰ প্রযোজকে গায়ত্রী বৰাক তেওঁৰ সহশিল্পী তথা থিয়েটাৰ কর্তৃপক্ষৰ সৈতে কৰা অসংযত ব্যৱহাৰৰ বাবে ৰাজমুকুটৰ পৰা বহিষ্কাৰ কৰা বুলি এক বিজ্ঞপ্তিযোগে জনায়।

আনহাতে, উদয়ন সংঘৰসমূহ বিষয়ববীয়াই গায়ত্রী বৰাক বহিষ্কাৰ কৰা কার্যক পূর্ণ সমর্থন জনাইছে আৰু ভ্রাম্যমাণ থিয়েটাৰৰ এনে পদক্ষেপ আদৰণীয় বুলি মন্তব্য কৰিছে।

Related Articles

Leave a Reply

Close