অসমশীৰ্ষৰাষ্ট্ৰীয়

আৰ বি আই বেংকৰ নতুন পদক্ষেপ: ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত ওলাব দুশটকীয়া নোট

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই অতি সোনকালে দুশটকীয়া নোট উলিওৱাৰ সিদ্ধান্ত লৈছে। এই মাহৰ শেষৰ ফালে নতুবা ছেপ্টম্বৰৰ প্ৰথম সপ্তাহত দুশটকীয়া নোট ওলাব বুলি ঘোষণা কৰিছে আৰ বি আই বেংকে।

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে দেশত দুশটকীয়া নোট ওলাব। তদুপৰি আৰ বি আই বেংকে ৫০ টকীয়া নতুন নোট ওলাব বুলিও ঘোষণা কৰিছে। অৰ্থনীতিবিদসকলৰ মতে, অতি সোনকালে দেশৰ বেংক আৰু এ টি এমসমূহত এই নোট উপলব্ধ হ’ব। খবৰ অনুসৰি বৰ্তমানলৈকে দুশটকীয়া নোট ৫০ কোটি নোট ছপা কৰা হৈছে।

Related Articles

Leave a Reply

Close