অসম

চৰাইদেউৰ বৰহাটত নগাঁও কাণ্ডৰ পাছৰে পৰা উত্তেজনা অব্যাহত

প্ৰথম খবৰ, সোণাৰি:  চিলাপথাৰ কাণ্ডৰ দৰে বৰহাটত হোৱাৰ আশংকাত সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। উল্লেখ্য যে, কেইবাটাও দল-সংগঠনে বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কাৰ্যালয় ভাঙি পেলোৱাৰ হুংকাৰ দিয়াত এই পৰিস্থিতি উদ্ভৱ।

যি কোনো মুহূৰ্ততে সংঘটিত হ’ব পাৰে চিলাপথাৰ দৰে কাণ্ড চৰাইদেউৰ বৰহাটত৷ সমগ্ৰ তথ্যৰ ভিত্তিত সষ্টম হৈ পৰিছে ভাৰতীয় সেনা লগতে আৰক্ষী প্ৰশাসন। বৰ্তমান আৰক্ষীয়ে পহৰা দি ৰাখিছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কাৰ্যালয়।

তিনি দিন ধৰি সমগ্র চৰাইদেউ জিলাতে চেপা উত্তেজনা বিৰাজ কৰিছে। ইফালে, বৰহাটত বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কাৰ্যালয় বন্ধ কৰিবলৈ কেইবাটাও দল-সংগঠনে জিলা প্ৰশাসনক স্মাৰকপত্ৰ প্ৰদান কৰিছে ইয়াৰ অন্যথা পৰিস্থিতি ভয়াৱহ হ’ব বুলি সকীয়াই দিছে দল-সংগঠনৰ কৰ্মকৰ্তাই।

Related Articles

Leave a Reply

Close