গল্পসাহিত্য

সৌভাগ্যক্ৰমে এক্সিডেণ্ট

ইনু এণ্ডাৰছন

“তুমি!”

“অ’ ৰাজ আমি বৰ্ষা, এই মেডিকেলটাৰ নাৰ্চ।” “তুমি! তুমি মোৰ বৰ্ষানে?” “আৰে বাবা, মই তোমাৰেই বৰ্ষা, আৰু এয়া চোৱা- তুমি দিয়া তোমাৰ সেই ৰুমাল।” শৈশৱৰ খেলৰ লগৰী, যাক জীৱনৰ লগৰী কৰিব খুজিছিল, তাক নিজৰ চকুৰ সন্মুখত দেখা পাই ৰাজৰ সপোন দেখা যেন লাগিল। নিজৰ দুচকুক সি বিশ্বাস কৰিবলৈ টান পালে।

যোৱা সোতৰটা বছৰ ক’তনো বিচৰা নাই বৰ্ষাক। ‘ফুল ভালপোৱা ছোৱালী জনী’ক বিচাৰিবলৈ বিভিন্ন ফুলৰ দোকানতো গৈছিল সি। দেশ-বিদেশ ঘূৰিছে ৰাজে- জীৱনৰ প্ৰথম আৰু শেষ ভালপোৱা-বৰ্ষাৰ বাবে।

প্ৰতিষ্ঠিত লেখক ৰাজ শৰ্মাই দিন-ৰাতি একাকাৰ কৰি মাথোঁ বৰ্ষাকেই বিচাৰিছিল আৰু আজি দুৰ্ঘটনাক্ৰমে মেডিকেলখনতেই দেখা হ’ল ৰাজ আৰু বৰ্ষাৰ। ৰাজৰ মনটো অতীতলৈ উৰা মাৰিলে। সেই সোণালী শৈশৱৰ স্বৰ্ণময় ক্ষণলৈ। ৰাজৰ ঘৰৰ প্ৰায় এককিলোমিটাৰ দূৰলৈ বৈ গৈছিল বিশাল ব্ৰহ্মপুত্ৰ নৈখন। নদীৰ কাষতেই আছিল কেইঘৰমান নেপালী মানুহৰ মঁহৰ খুঁটি। সেইসময়ত ৰাজ বহুত সৰু আছিল।

বৰ্ষা নামৰ অতিকৈ ধুনীয়া, মৰমলগা সৰু ছোৱালী এজনীয়ে তাইৰ অকণমাণি হাতখনেৰে প্ৰতিদিন গাখীৰৰ বটল এটা লৈ ৰাজৰ ঘৰলৈ আহিছিল।ৰাজেও প্ৰত্যেকদিনাই তাই নহালৈকে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল। ৰাজে তেতিয়া ভালপোৱা কি, নাজানিছিল।কিন্তু বৰ্ষাক তাৰ বহুত ভাল লাগিছিল। বৰ্ষাই কান্দিলে ৰাজেও কান্দিছিল।বৰ্ষা সুখী হ’লে ৰাজৰ নিজকে পৃথিৱীৰ আটাইতকৈ বেছি সুখী মানুহজনৰ দৰে লাগিছিল।

বৰ্ষাই  ফুল বহুত ভালপাইছিল।এদিন ৰাজহতৰ বাগিচাত ফুলি থকা তেজৰঙা গোলাপ কেইটামান দেখি বৰ্ষাই তাইৰ মিঠা নেপালী সুৰটোৰে চিঞৰি কৈছিল- “আৰে বাবা! কতো সুন্দৰ ফুল! দিবানে মোক?” সৰু ছোৱালীজনীৰ এনে  আবদাৰ ৰাজৰ ভাল লাগিছিল।

পাছদিনা ৰাতিপুৱা, বাগিচাৰ পৰা ধুনীয়া ফুলকেইপাঁহ ছিঙি নিয়ৰ গছকি গছকি ৰাজ গৈছিল মঁহৰ খুঁটিবোৰৰ ফালে। ‘ফুল ভালপোৱা ছোৱালীজনী’ক ৰাজে ফুলবোৰ দিছিল। বৰ্ষা যিমান আনন্দিত হ’ব লাগিছিল সিমান আনন্দিত হোৱা নাছিল।মুখমণ্ডল বিষন্নতাৰে পূৰ্ণ হৈ আছিল।

ব্ৰহ্মপুত্ৰৰ পাৰত বহি বতাহত নাচি থকা কহুৱা বনবোৰ চাই বহুত কথা পাতিছিল দুয়োজনে।অনুৰাধাই কৈছিল- “মই যদি কৰবাত হেৰুৱাই যাওঁ, তুমি কি কৰিবা?”  তেতিয়া ৰাজে উপহাৰ স্বৰূপে ৰুমাল এখন দি কৈছিল- ” ধেৎ পাগলীজনী, তোমাক মই কেতিয়াও হেৰুৱাই যাবলৈ নিদিও নহয়।চাবা,তুমি আজীৱন মোৰ কাষতে থাকিবা।” বৰ্ষাই কান্দিছিল।কিয় কান্দিছিল ৰাজে বুজা নাছিল।কিন্তু ৰাজেও কান্দিছিল। তিনিদিন ধৰি ৰাজৰ ভীষণ জ্বৰ। সেইবাবে এইকেইদিন বৰ্ষাৰ

কাষলৈ যোৱা নহ’ল।আবেলি জ্বৰ অলপ কমিল।বৰ্ষা এইকেইদিন গাখীৰ দিবলৈকো অহা নাই। হয়তো অভিমান কৰিছে। সেয়ে ৰাজে বাগিচাৰ পৰা আটাইতকৈ তেজৰঙা গোলাপ কেইপাহঁ ছিঙিলে। কাৰণ বৰ্ষাৰ অভিমান কিমান বিপদজনক একমাত্ৰ ৰাজেহে ভালদৰে জানে। বহুত পলম হ’ল।পশ্চিম আকাশৰ বেলিটো ক্ৰমশ ৰঙা হৈ আহিছে। চাইকেল খন লৈ ৰাজ আগবাঢ়িল। কিন্তু এয়া কি, মঁহৰ খুঁটিবোৰচোন নাই!বৰ্ষা ক’লৈ গ’ল? ইত্যাদি প্ৰশ্নৰ উত্তৰ আজি সোতৰ বছৰ ধৰি বিচাৰিছে ৰাজে।

বৰ্ষাৰ স্মৃতিয়ে ৰাজক বহুত কন্দুৱাইছে। অইনদিনাৰ দৰে কালিও ৰাজে গাড়ীখন লৈ ওলাইছিল ‘ফুল ভালপোৱা ছোৱালী’জনীক বিচাৰবলৈ। হঠাৎ এটা এক্সিডেন্ট ।তাৰ পাছত কি হৈছিল ৰাজে নাজানে। হয়তো ওচৰৰ মানুহবোৰে ধৰা ধৰিকৈ এই মেডিকেলখনলৈ লৈ আহিছিল।আৰু এতিয়া ৰাজৰ সন্মুখত এয়া বৰ্ষা।

“ক’ত গৈছিলা, মোক এৰি থৈ?”

“আৰু নাযাও নহয়!”

“প্ৰমিছ কৰা!”

” ওকে বাবা, মই প্ৰমিছ কৰিলো- তোমাক এৰি থৈ কেতিয়াও আৰু কতো নাযাও।” “জানা বৰ্ষা, কিমান বিচাৰিছোঁ তোমাক। এই সোতৰটা বছৰ পাগলৰ দৰে ঘূৰিছোঁ তোমাক বিচাৰিবলৈ।বলা ঘৰলৈ যাও।” “এতিয়াই ! অলপ সুস্থ হৈ লোৱাচোন। গোটেই শৰীৰটো দেখোন বেন্ডেজেৰে আৱৰা।যাব পাৰিবা?” “তুমি থাকিলে পাৰিম। বলানা! তুমি যদি আৰু এবাৰ গুচি যোৱা মই জীয়াই থাকিব নোৱাৰিম।”

“আৰে বাবা, যামতো।ময়োতো তোমাক ভালপাও। এতিয়া অলপ সুস্থ হৈ লোৱা, তাৰ পাছত যাম, ওকে?” “ওকে পাগলী” ৰাজে ভাবিলে- সৌভাগ্যক্ৰমে তাৰ এক্সিডেণ্টটো যে হ’ল। নহ’লে হয়তো এই জীৱনত তাৰ আৰু বৰ্ষাৰ দেখাই নহ’লহেতেঁন। বহুত মৰম কৰিব সি বৰ্ষাক। বুকুৰ মাজত জোৰকৈ সাৱটি ৰাখিব। নহ’লে যদি আকৌ ক’ৰবাত হেৰাই যায়।

Related Articles

1 thought on “সৌভাগ্যক্ৰমে এক্সিডেণ্ট”

Leave a Reply

Check Also

Close
Close